পাপ খণ্ডনৰ নিমিত্তে শৌচাগাৰ চাফা কৰি শ্ৰম দান কৰিছিলহে, হঠাতে ভয়ংকৰ আক্ৰমণ
পূৰ্বে নোহোৱা ঘটনা, বিখ্যাত স্বৰ্ণ মন্দিৰত গুলিচালনাৰ ঘটনা। গুৰুদ্বাৰাটোৰ পৰিসৰতে সংঘটিত হয় এই ঘটনা। তাকো পঞ্জাৱৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী সুখবীৰ সিং বাদলক লক্ষ্য কৰি গুলী। খালছাৰ সদস্য নাৰায়ণ সিং চৌৰা নামৰ এজনে আক্ৰমণ কৰে সুখবীৰ সিং বাদলক।
উল্লেখ্য যে, ধৰ্মীয় শাস্তিৰ অংশ হিচাপে ২ ডিচেম্বৰত দলৰ মুৰব্বী সুখবীৰ সিং বাদলকে ধৰি শিৰোমণি আকালি দলৰ নেতাসকলে ‘সেৱা’ তথা শ্ৰম দান কৰিছিল পঞ্জাৱৰ অমৃতসৰৰ স্বৰ্ণ মন্দিৰত। গুৰুদ্বাৰাটোৰ শৌচাগাৰ চাফা কৰাৰ লগতে বাচন-বৰ্তনো চাফা কৰি শ্ৰম দান কৰি ধৰ্মীয় শাস্তি লৈছিল দলটোৰ নেতা সকলে।
এই সেৱা কৰি উঠিয়ে গুৰুদ্বাৰাৰ বাহিৰত ৰৈছিল সুখবীৰ সিং বাদল। তেতিয়াই নেতাগৰাকীৰ ওপৰত আক্ৰমণ কৰে । এই গুলীচালনাত সুখবীৰ সিং বাদলে কোনোমতে ৰক্ষা পৰে। নিৰাপত্তাৰক্ষীয়ে সজাগতা দেখুৱাই কোনোমতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
ঘটনা সন্দৰ্ভত এডিচিপি হৰপাল সিঙে কয় যে ইয়াত নিৰাপত্তাৰক্ষীৰ সবল ব্যৱস্থা আছে। পুৱা সাত বজাতেই সকলো সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হয়। এডিচিপিয়ে লগতে ইয়াকো কয় য়ে, আক্ৰমণকাৰী নাৰায়ণ সিং চৌৰা কালিও স্বৰ্ণমন্দিৰলৈ আহিছিল।
প্ৰাণিধানযোগ্য যে, পাঞ্জাৱৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী সুখবীৰ সিং বাদলে ধৰ্মীয় শাস্তি হিচাপে শ্ৰী অকল তখত চাহাবে ঘোষণা কৰা শাস্তিৰ সন্মুখীন হ’বলৈ স্বৰ্ণ মন্দিৰত উপস্থিত হৈছিল। আনকি মঙলবাৰেও পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ স্বৰ্ণ মন্দিৰত সেৱা আগবঢ়াইছিল।
তেওঁৰ উপৰি প্ৰাক্তন মন্ত্ৰী বিক্ৰম সিং মজিঠিয়া আৰু সুখদেৱ সিং ধীন্দসাও লেতেৰা বাচন-বৰ্তন চাফা কৰে। আনহাতে দলৰ নেতা ড° দলজিৎ সিং চিমা, সুৰজিৎ সিং ৰাখৰা, প্ৰেম সিং চন্দুমাজৰা, মহেশ ইন্দৰ গ্ৰেৱালে শৌচাগাৰ চাফা কৰে। সুখবীৰ সিং বাদলক শৌচাগাৰ চাফা কৰাৰ শাস্তিও দিয়া হৈছিল যদিও ভৰি ভঙা বাবে তেওঁক সেই শাস্তিৰ পৰা ৰেহাই দিয়া হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ