আজি নাগা চৈতন্যৰ দ্বিতীয় বিবাহ, ছামান্থাতকৈ শোভিতাৰ সম্পত্তিৰ পাৰ্থক্য কিমান, জনপ্ৰিয়তা কিমান…
আজি ৪ ডিচেম্বৰ তাৰিখে দক্ষিণৰ তাৰকা নাগা চৈতন্যৰ বিবাহ। ছামান্থা ৰুথ প্ৰভুৰ সৈতে বিচ্ছেদৰ পাছত এয়া নাগা চৈতন্যৰ দ্বিতীয় বিবাহ। হবলগীয়া পত্নী গৈছে শোভিতা ধুলিপালা।
সম্পূৰ্ণ দাক্ষিনাত্যৰ তেলেগু নিয়ম অনুসাৰে সম্পন্ন হব এই বিবাহ অনুষ্ঠান। প্ৰায় ৪ ঘণ্টা ধৰি হব এই বিবাহ অনুষ্ঠান। দুয়োৰে এই গ্ৰেণ্ড বিবাহ অনুষ্ঠান অনুষ্ঠিত হব অন্নপূৰ্ণা ষ্টুডিঅ’ৰ প্ৰাংগনত। ছামান্থাৰ সৈতে পূৰ্বৰ বিবাহো বহু গ্ৰেণ্ড হৈছিল। কিয়নো স্বামী-স্ত্ৰী দুয়ো দাক্ষিণৰ ছুপাৰষ্টাৰ আছিল।
ছামান্থাৰ সৈতে নাগা চৈতন্যৰ বিবাহ বিচ্ছেদৰ খবৰে দক্ষিণৰ চিনেমাজগতক আচৰিত কৰি তুলিছিল। ২০১৭ চনত বিবাহ পাশত আৱদ্ধ হৈ দুয়ো ২০২১ চনত বিচ্ছেদ হৈছিল। ছামান্থা য’ত এতিয়া অকলশৰীয়াকৈ আছে, তাৰ বিপৰীতে নাগাৰ আজি বিবাহ।
পাছে নাগা চৈতন্যৰ পূৰ্বৰ পত্নী আৰু বৰ্তমনাৰ পত্নীৰ মাজত কিহত কিহত পাৰ্থক্য । ছামান্থাতকৈ শোভিতা ৪ বছৰে সৰু। ছামান্থাৰ জন্ম ১৯৮৭ চনত। শোভিতাৰ জন্ম ১৯৯২ চনত। আনহাতে নাগাৰ জন্ম ১৯৮৬ চনত।
সম্পত্তিৰ ক্ষেত্ৰত ছামান্থা আৰু শোভিতাৰ মাজত আকাশ-পাতাল পাৰ্থক্য। নাগা চৈতন্যৰ হবলগীয়া পত্নীৰ তুলনাত প্ৰাক্তন পত্নী ১০ গুণ অধিক ধনী।
দক্ষিণৰ অন্যতম সফল অভিনেত্ৰী ছামান্থাৰ বৰ্তমান নেট ৱৰ্থ ১০০ কোটিৰো অধিক। আনহাতে শোভিতাৰ কেৱলমাত্ৰ ৭ৰ পৰা ১০ কোটি। তাৰ বিপৰীতে নাগা চৈতন্যৰ সম্পত্তি প্ৰায় ১৫৪ কোটি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ