বছৰটো শেষ হোৱাৰ পূৰ্বে মূল্যবৃদ্ধিৰ কোব সাধাৰণ ৰাইজক! কি কি সামগ্ৰীত বৃদ্ধি পাব দাম
পুনৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিব দেশবাসীক। নতুন বছৰ অহাৰ পূৰ্বে চলিত বছৰটোৰ শেষৰ ভাগত মূল্যবৃদ্ধিৰে মাধমাৰ শোধাব দেশবাসীক। চলিত মাহ তথা ২০২৪ৰ ডিচেম্বৰতেই কেইবাবিধো লাগতিয়াল সামগ্ৰীৰ মূল্য বৃদ্ধি পাব। একেবাৰতে ১৪৮বিধ সামগ্ৰীৰ দাম বৃদ্ধি হ’ব দেশত।
চলিত মাহৰ ৩য় সপ্তাহতে অত্যাৱশ্যকীয় বহু সামগ্ৰীৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা। দাম বাঢ়িব খোৱাপানী, কোল্ড ড্ৰিংকছ, ছিগাৰেট, ধঁপাতজাতীয় সামগ্ৰীৰ । ১০ হাজাৰৰ অধিক মূল্যৰ ওপৰত কৰ হ’ব ২৮ শতাংশ।
২৮ৰ পৰা ৩৫ শতাংশলৈ সামগ্ৰী আৰু সেৱা কৰ তথা জি এছ টি বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা। ২১ ডিচেম্বৰত জিএছটি পৰিষদৰ বৈঠকৰ পূৰ্বে সোমবাৰে অনুষ্ঠিত এখন বৈঠকত হাৰ যুক্তিসংগতকৰণৰ ওপৰত মন্ত্ৰী গোটে ১৪৮টাতকৈও অধিক বস্তুৰ বাবে ৰেট টুইকৰ প্ৰস্তাৱ দিয়াৰ উপৰিও বিশেষ হাৰৰ এই পৰামৰ্শৰে নিজৰ প্ৰতিবেদন চূড়ান্ত কৰে।
ৰেডিমেড কাপোৰৰ ক্ষেত্ৰত জি এছ টি বৃদ্ধি পোৱাৰ সম্ভাৱনা। দৈনন্দিন ব্যৱহৃত বহু সামগ্ৰীতো বৃদ্ধি পাব জি এছ টি। জোতা, হাতঘড়ি, চাইকেলৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব বৰ্দ্ধিত জি এছ টি।
সদৰি হোৱা মতে, বৰ্তমানৰ চাৰিটা স্লেবযুক্ত জি এছ টিৰ গাঁথনি — ৫ শতাংশ, ১২ শতাংশ, ১৮ শতাংশ আৰু ২৮ শতাংশ — মধ্যমকালীনভাৱে চলি থাকিব।
অতিৰিক্ত কৰ আৰোপ কৰা হ’ব ১৪৮ বিধ সামগ্ৰীত । ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে আৰোপ কৰিব এই কৰ। ডিচেম্বৰৰ ২১তাৰিখে সিদ্ধান্ত ল’ব জি এছ টি পৰিষদৰ উচ্চস্তৰীয় বৈঠকত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ