নিৰ্দিষ্ট সময়ত অন্তৰে অন্তৰে প্ৰতিটো গ্ৰহই স্থান পৰিবৰ্তন কৰে৷ গঠিত হয় একাধিক যোগ৷ জ্যোতিষশাস্ত্ৰই যাৰ প্ৰভাৱ পৰে ১২ ৰাশিৰ ওপৰত৷ আগন্তুক ১৮মে ৰাহুৱে মীন ৰাশি ত্যাগ কৰি কুম্ভ ৰাশিত প্ৰৱেশ কৰিব৷ সেই সময়ত মঙ্গল কৰ্কট ৰাশিত উপস্থিত থাকিব৷ এই দুই গ্ৰহৰ সংযোগত গঠিত ষড়াষ্টক যোগত কেইবাটাও ৰাশিৰ জীৱনলৈ বিপদ আহিব৷
যেতিয়া দুটা গ্ৰহই এটাই আনটোৰ ষষ্ঠ বা অষ্টম অৱস্থানত থাকে তেতিয়াই ষড়াষ্টক যোগ তৈয়াৰ হয়৷ এইবাৰ এই যোগটো বিশেষ হৈছে কাৰণ ৰাহুৱে কুম্ভ ৰাশিত থাকিব আৰু মঙ্গলে তাৰ নিম্ন ৰাশি কৰ্কট ৰাশিত থাকিব৷ ফলত ষড়াষ্টক যোগৰ শক্তি আৰু বাঢ়িব৷ প্ৰায় ১৯ দিন ধৰি অৰ্থাৎ ৭ জুন পৰ্যন্ত দুঃসময় চলিব তিনি ৰাশিৰ৷ কোন কোন সতৰ্ক থকাটো প্ৰয়োজন?
সিংহ ৰাশি
জীৱনসংগীৰ সৈতে মতবিৰোধ হ’ব পাৰে৷ সৰু বিষয়তো ভুল বুজাবুজিয়ে দেখা দিব পাৰে৷ ধৈৰ্য ধৰি পৰিস্থিতি সম্ভালিব নোৱাৰিলে সম্পৰ্কত তিক্ততাই দেখা দিব৷ পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ উদ্বেগ বাঢ়িব পাৰে৷ এই সময়ত আৰ্থিক সিদ্ধান্ত ভাৱিগুণি লওক৷
ধনু ৰাশি
ব্যক্তিগত আৰু পেছাগত জীৱন, উভয় ক্ষেত্ৰতেই এই সমস্যা আহিব পাৰে৷ অযথা বিতৰ্ক এৰাই চলক৷ পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক বিৰোধে দেখা দিব পাৰে৷ কৰ্মক্ষেত্ৰত বিদেশ যাত্ৰাৰ যোগ থাকিলে বাধা আহিব পাৰে৷ শিক্ষাৰ্থীসকলে পঢ়াশুনাক লৈ সতৰ্ক থাকিব লাগিব৷ প্ৰেম জীৱনত আঘাত পাব পাৰে৷
মীন ৰাশি
আৰ্থিক বিষয়ত ক্ষতি হ’ব পাৰে৷ কাৰোবাক ধন ধাৰলৈ দিয়াৰ পূৰ্বে সকলো ভালকৈ জানি লওক৷ জালিয়াতি বা প্ৰতাৰণাৰ কৱলত পৰিব পাৰে৷ মানসিক চাপ বাঢ়িব পাৰে৷ শৰীৰৰ সৈতে মনৰ দিশটোৰো যত্ন লওক৷ পৰিয়ালৰ সদস্যসকলৰ পৰা কোনো সমস্যাই লুকুৱাই নাৰাখিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ