হাস্পতালত ভৰ্তি হৈ আছে বলীউড বাদশ্বাহ৷ আহমেদাবাদৰ কেডি হাস্পতালত ভৰ্তি কৰোৱা হৈছে শ্বাহৰুখক৷ আইপিএল মেচ চাবৰ বাবে মঙলবাৰে আহমেদাবাদত উপস্থিত হৈছিল শ্বাহৰুখ৷ সূত্ৰৰ খবৰ অনুসৰি বলীউড ছুপাৰষ্টাৰ শ্বাহৰুখক বুধবাৰে দুপৰীয়া ২বজাত হাস্পতালত ভৰ্তি কৰোৱা হয়৷ আইপিএলৰ প্রথমখন প্লে অফ মেচ চাবৰ বাবে আহমেদাবাদত উপস্থিত হৈছিল শ্বাহৰুখ৷
ইভেণ্ট চলি থকাৰ সময়ত প্ৰচণ্ড গৰমৰ কাৰণে হীটষ্ট্ৰোকত আক্ৰান্ত হৈছিল শ্বাহৰুখ৷ যাৰ ফলত তেওঁ অসুস্থ হৈ পৰে৷ পৰবৰ্তীকালত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয়৷ আইপিএলত তেওঁৰ নিজা দল কলকাতা নাইট ৰাইডাৰ্ছক উৎসাহ যোগাবলৈ প্ৰায়সমূহ মেচতেই উপস্থিত আছে শ্বাহৰুখ৷ এই ব্যস্ততাৰ মাজতেই তেওঁৰ আহিবলগীয়া নতুন ছবি কিং ৰ কামতো তেওঁ ব্যস্ত হৈ আছে৷
এই ব্যস্ততাৰ মাজতো তেওঁ নিজা দল কেকেআৰক উৎসাহ জগাবলৈ মঙলবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত উপস্থিত হৈছিল৷ ইফালে সোমবাৰৰ দিনটোত তেওঁ মুম্বাইত ভোটদানৰ বাবেও ওলাই অহা দেখা গৈছিল৷ তেতিয়ালৈকে কথাবোৰ ঠিকেই আছিল৷ সুস্থই দেখা গৈছিল শ্বাহৰুখক৷ মঙলবাৰে আহমেদাবাদত উপস্থিত হোৱাৰ পাছতহে হঠাৎ অসুস্থ হৈ পৰে শ্বাহৰুখ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















