শ্বাহৰুখ খানৰ ৫৯সংখ্যক জন্মদিন৷ প্ৰতিবাৰৰ দৰে এইবাৰো ১ নৱেম্বৰৰ মাজনিশাৰ পৰা মন্নতৰ সন্মুখত অনুৰাগীৰ ভীৰ৷ ৩১ অক্টোবৰৰ পৰাই সজাই তোলা হৈছে মন্নত৷ দীপাৱলিৰ পোহৰেৰে সজাই তোলা হৈছে শ্বাহৰুখৰ ঘৰ৷ তলত হাজাৰ হাজাৰ অনুৰাগী৷ সকলোৰে অপেক্ষা এজন ব্যক্তিলৈকে৷ তেওঁ শ্বাহৰুখ৷ ঘৰৰ ছাদত উঠি অনুৰাগীসকলৰ সৈতে দেখা কৰিবলৈ ওলাই আহিব বাদশ্বাহ৷ কিন্তু অপেক্ষাত চেঁচাপানী পৰিল৷ এবাৰলৈকেও ছাদলৈকে ওলাই নগ’ল বাদশ্বাহ শ্বাহৰুখ৷
বিগত বৰ্ষৰ মাজনিশা চকুত চছমা মূৰত টুপি, ক’লা চাৰ্ট পিন্ধি ছাদলৈ ওলাই গৈছিল শ্বাহৰুখ৷ ২০২২ চনত আৰিয়ান খানে জে’লৰ পৰা ওলোৱাৰ পাছতেই আছিল শ্বাহৰুখৰ ওপজা দিন৷ বহুতেই ভাৱিছিল এইবাৰ হয়তো লোকলজ্জাত মানুহৰ সন্মুখলৈ নাহিব শ্বাহৰুখ৷ কিন্তু সেইবাৰো পুত্ৰ আব্ৰাহামক লগত লৈ ছাদত উঠে শ্বাহৰুখ৷
এই বছৰ তেওঁৰ দেখা নগ’ল ছাদত৷ ওপজা দিনৰ দিনটোত শ্বাহৰুখ গৈছিল ৰাণী মুখাৰ্জীৰ দিৱালী পাৰ্টিত৷ শুনা গৈছে যে কন্যা ছুহানাই এইবাৰ পিতৃৰ বাবে ওপজা দিনৰ বিশেষ আয়োজন কৰিছে৷ ঘৰৰ ছাদত শ্বাহৰুখ নোলোৱাৰ কাৰণ বহুতেই নিৰাপত্তাজনিত বুলি ধাৰণা কৰিছে৷ কেইদিনমান পূৰ্বে বাবা ছিদ্দিকিক গুলি কৰি হত্যা কৰাৰ পাছতেই কিছু শংকিত হৈছে বলীউড৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ