অসম লাইভ২৪ঃ
ফুটবলাৰ মেছিতকৈয়ো জনপ্ৰিয় কিং খান শ্বাহৰুখ৷
টাইমছ মেগাজিনৰ সমীক্ষাত পোহৰলৈ আহিছে এই তথ্য৷
টাইমছ মেগাজিনৰ বিশেষ পুলত পঢ়ুৱৈসকলক ভোট দিবলৈ কোৱা হৈছিল৷
এই সমীক্ষাৰ জৰিয়তে বিশ্বৰল প্ৰভাৱশালী ব্যক্তিৰ এখন তালিকা প্ৰস্তুত কৰা হৈছে৷
এই সমীক্ষাতেই মেছিক চেৰ পেলাই শীৰ্ষ স্থান দখল কৰিছে শ্বাহৰুখ খানে৷
মেছিতকৈ বহু ভোটত আগবাঢ়ি আছে শ্বাহৰুখ৷
কেৱল মেছিয়েই নহয়, এই তালিকাত আছে চেৰেনা উইলিয়ামছ, অভিনেতা মিখেল, প্ৰিঞ্চ হায়াৰী, মেগান মাৰ্কলো৷
৪ বছৰৰ পাছত শ্বাহৰুখ উভতি আহিছে চিনেমাৰ জগতলৈ৷
আহিয়েই পাঠান ছবিক দেশৰ ১ নম্বৰ বাণিজ্যিক সফল ছবি কৰি দিলে শ্বাহৰুখে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ