প্ৰমোচনৰ সময়তে ব্লাউজ ফাটিল ষ্টাৰকিডৰ, পিতৃৰ সৈতে লৰালৰিকৈ আঁতৰিল মঞ্চৰ পৰা
বলীউডত যে, ষ্টাৰকিডৰ পয়োভৰ। বহিৰাগত পিছত, ষ্টাৰকিড আগত। যোগ্যতা কিমান সেয়া পাছত, পিতৃ-মাতৃৰ ষ্টাৰডম আগত। এইবাৰ আন এগৰাকী ষ্টাৰকিড দৰ্শকৰ মাজলৈ অহাৰ বাবে প্ৰস্তুত। কিন্তু প্ৰমোচনৰ সময়তে ঘটে অথন্তৰ।
সঞ্জয় কাপুৰৰ ২৫ বৰ্ষীয় কন্যা শনায়া কাপুৰ এইবাৰ বলীউডত এন্ট্ৰীৰ বাবে প্ৰস্তুত। শনায়াৰ প্ৰথমখন চিনেমা মুক্তিৰ বাবে সাজু। সেয়ে এতিয়া সকলোফালে প্ৰমোচন কৰি ঘুৰি ফুৰিছে শনায়া।
কালি সন্ধিয়াও এক অনুষ্ঠানত প্ৰমোচনৰ বাবে উপস্থিত হয় ষ্টাৰকিড শনায়া। নেটৰ মণি খটোৱা এখন হালধীয়া শাৰী পৰিধান কৰি মঞ্চত উপবিষ্ট হয়।
পাছে কালি সন্ধিয়া সেই প্ৰমোচনৰ সময়ত ঘটে অথন্তৰ। পিন্ধি থকা বহুত টাইট ফিটিং ব্লাউজৰ ৰচী চিঙি যায় শনায়াৰ। কোনোমতে ব্লাউজ চম্ভালি পিতৃ সঞ্জয় কাপুৰৰ সৈতে মঞ্চ ত্যাগ শনায়াৰ।
উল্লেখ্য যে, শনায়াৰ প্ৰথমখন ছবি ‘আখো কি গুষ্টাখিয়া’ অহা ১১ জুলাইত মুক্তি লাভ কৰিব। ছবিখনৰ মুখ্য ভুমিকাত আছে ’12th Fail’ এক্টৰ বিক্ৰান্ত মেছী। ছবিখনৰ নিৰ্দেশনা সন্তোষ সিং।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ