দৃক পঞ্জিকা অনুসৰি কৰ্মফলৰ দেৱতা শনিয়ে ঠিক আৰু ২ দিন পাছতেই আগন্তুক ১৩ মাৰ্চৰ সন্ধিয়া ৭ বাজি ৩৮ মিনিটত অস্ত যাব৷ মীন ৰাশিত অস্ত যাব শনি আৰু ১৮ এপ্ৰিলৰ ৫ বাজি ২৯ মিনিটত শনিৰ উদয় হব৷ ১৫ মাৰ্চৰ পৰা ১৪ এপ্ৰিল পৰ্যন্ত সূৰ্যই মীন ৰাশিত থাকিব৷ সূৰ্যৰ প্ৰভাৱত শনিৰ শক্তি কমিব আৰু কৰ্মফলৰ গ্ৰহ অস্ত যাব৷
অস্তগামী শনিৰ তিনিটা ৰাশিৰ ওপৰত অশুভ প্ৰভাৱ পৰিব বুলি জনাইছে জ্যোতিষ গণনাই৷ জানি থওক শনি অস্ত গলে তাৰ প্ৰভাৱত ক্ষতিৰ মুখত পৰিব কোন কোন ৰাশিৰ জাতক?
কন্যা ৰাশি
অস্তগামী শনিয়ে কন্যা ৰাশিৰ জাতকৰ বাবে বেয়া সময় কঢ়িয়াই আনিব৷ এই সময়ত সকলো কামতেই বাধা পাব আপুনি৷ কঠিন পৰিশ্ৰম কমিলেও তাৰ সঠিক মূল্য নাপাব৷ মনত ওপৰত চাপ থাকিব৷ নিজৰ খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক৷ অন্যথা পকেট খালি হ’বলৈ সময় নালাগিব৷
সিংহ ৰাশি
শনি অস্ত গলে সাৱধানে থাকিব লাগিব সিংহ ৰাশিৰ জাতক৷ শনিৰ ধাইয়া দশা চলিছে সিংহ ৰাশিত৷ ইয়াৰ ফলত শনিৰ অশুভ প্ৰভাৱৰ কৱলত আছে সিংহ ৰাশিৰ জাতক৷ এই সময়ত নিজৰ আক্ৰমণাত্মক স্বভাৱ নিয়ন্ত্ৰণত ৰাখক৷ কোনো অনৈতিক কামত জড়িত হৈ নপৰিব৷ কেৰিয়াৰত চেলেঞ্জ আহিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















