আজি ১৪ জুন, ২০২৫৷ চন্দ্ৰই আজি ধনু ৰাশি এৰি মকৰ ৰাশিত গোচৰ কৰিব৷ আজি গ্ৰহৰাজৰ দিন অন্যহাতে আজি জেঠ মাহৰ ব্ৰহ্মা যোগ আৰু ইন্দ্ৰ যোগ আজি কাৰ্যকৰী থাকিব৷ জ্যোতিষশাস্ত্ৰ অনুসৰি এই দিনটোত কেইটামান ৰাশিৰ জাতক-জাতিকাই বিশেষ শুভ ফল লাভ কৰিব৷ গ্ৰহ নক্ষত্ৰৰ অৱস্থান আৰু চন্দ্ৰৰ গতিয়ে কৈছে যে আজিৰ দিনটো সৌভাগ্য, আৰ্থিক লাভ আৰু সম্পৰ্কৰ ক্ষেত্ৰত কিছু ৰাশিৰ বাবে বিশেষ সুযোগ আনিব৷
বৃষ ৰাশি
আজি বৃষ ৰাশিৰ জাতক জাতিকাই কৰ্মক্ষেত্ৰত বৃহৎ কোনো সাফল্য লাভ কৰিব৷ যিসকলৰ দীৰ্ঘদিন ধৰি কোনো কাম ৰৈ গৈছিল তেওঁলোকৰ বাবে আজি নতুন দুৱাৰ খোল খাব৷ ঊৰ্ধতন কৰ্তৃপক্ষৰ প্ৰশংসা লাভৰ সম্ভাৱনা আছে৷ অৰ্থাৎ চাকৰিয়ালৰ বাবে দিনটো খুবেই শুভ৷ আৰ্থিক ক্ষেত্ৰতো উন্নতিৰ সম্ভাৱনা৷
কৰ্কট ৰাশি
আজি কৰ্কট ৰাশিৰ বাবেও দিনটো অত্যন্ত শুভ৷ পাৰিবাৰিক পৰিবেশ আনন্দদায়ক থাকিব৷ প্ৰেম আৰু দাম্পত্য জীৱনত ইতিবাচক পৰিবৰ্তন আহিব পাৰে৷ দীৰ্ঘদিনৰ মনোমালিন্য দূৰ হব৷ ভাতৃৰ মাজত খেলিমেলি থাকিলে সেয়া দূৰ হব৷ ব্যৱসায়ীয়ে লাভৰ মুখ দেখিব৷ নিকট আত্মীয় বা বন্ধুৰ মাধ্যমেৰে গুৰুত্বপূৰ্ণ সাহায্য পাব পাৰে৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটোৱে সৃজনশীল কামৰ ক্ষেত্ৰত সৌভাগ্য কঢ়িয়াই আনিব৷ বিশেষকৈ যিসকল শিল্প, সংগীত বা লেখামেলাৰ সৈতে যুক্ত তেওঁলোকে নতুন সুযোগ পাব পাৰে৷ নতুন কোনো সন্মান প্ৰাপ্তিৰো যোগ আছে৷ ব্যৱসায়ীসকলৰ ক্ষেত্ৰত নতুন আৰ্থিক পৰিকল্পনা কৰা আৰু বিনিয়োগৰ সিদ্ধান্ত লোৱাৰ উপযুক্ত সময়৷
মকৰ ৰাশি
মকৰ ৰাশিৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ৷ দীৰ্ঘদিনৰ কোনো আৰ্থিক সমস্যা আজি দূৰ হব৷ পাবলগীয়া ধন লাভ কৰিব৷ চাকৰি সংক্ৰান্তিয় সুখবৰ আহিব পাৰে৷ যিসকলে বিদেশত কাম বা পঢ়াশুনাৰ পৰিকল্পনা কৰিছে তেওঁলোকৰ বাবে দিনটো শুভ৷
মনত ৰাখিব জ্যোতিষশাস্ত্ৰ বিশ্বাসৰ উপৰত নিৰ্ভৰ কৰে৷ ব্যক্তিগত জন্মছক অনুসৰি ফল ভিন্ন হব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















