শনিদেৱে এবাৰ কাৰোবাৰ ওপৰত খং কৰিলে সেই খঙৰ পৰা কোনো হাৰি যাব নোৱাৰে৷ আনহাতে শনিৰ দয়াৰ বাবে দৰিদ্ৰ এজনো ৰাতিটোৰ ভিতৰতে ৰজা হ’ব পাৰে। জ্যোতিষ শাস্ত্ৰমতে বৰ্তমান ন্যায়ৰ দেৱতা শনি নিজ ৰাশি কুম্ভত আছে। শনি ডেৰ-দুবছৰ এই ৰাশিত থাকিব আৰু ২০২৫ চনৰ মাৰ্চ মাহত আন এটা ৰাশিলৈ নিজৰ স্থান সলনি কৰিব৷
২০২৫ চনত শনি ৰাশিৰ মুল ত্ৰিকোণ ৰাশি কুম্ভ ৰাশিৰ পৰা ওলাই আহি ডেৰ-দুবছৰ মীন ৰাশিত থাকিব৷ ২০২৫ চনৰ ২৯ মাৰ্চত কুম্ভ ৰাশিৰ প্ৰস্থানে কেইটামান ৰাশিৰ লোকৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব৷ বৰ্তমান শনি গ্ৰহ বক্ৰীগতিত থকাৰ বাবে ২০২৫ চনত ৩ টা ৰাশিৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব৷ কোন কেইটা ৰাশি শনিৰ প্ৰভাৱত পৰিব?
মেষ ৰাশি
শনি কুম্ভ ৰাশিৰ পৰা ওলাই অহাটো মেষ ৰাশিৰ লোকৰ বাবে ভাল প্ৰমাণিত নহ’ব। এই ৰাশিৰ লোকসকল অসুবিধাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। সঘনাই কামত বাধা আহিব পাৰে। আৰ্থিক লোকচানৰ সম্ভাৱনা থাকিব। স্বাস্থ্যৰ প্ৰতি অসাৱধানতাইও বাধাৰ সৃষ্টি কৰিব পাৰে। শনি দেৱৰ আশীৰ্বাদ পাবলৈ নিতৌ শনি দেৱৰ সন্মুখত এটা দীপ জ্বলাব৷
সিংহ ৰাশি
সিংহ ৰাশিৰ লোকৰ বাবে কঠিন সময় আহিব। প্ৰতিটো খোজ সাৱধানে দিয়ক৷ পৰিয়ালৰ কোনোবা অসুস্থ হৈ পৰিব পাৰে৷ চাকৰি সলনি কৰাৰ সিদ্ধান্তও ভুল হ’ব পাৰে। ক’লা কাপোৰ আৰু ক’লা বস্তু দান কৰিলে লাভজনক হ’ব।
মীন ৰাশি
২০২৫ চনৰ পৰা শনি দেৱৰ তিৰ্যক দৃষ্টি মীন ৰাশিৰ ওপৰতো থাকিব। আপুনি কোৱা শব্দবোৰৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব, গতিকে আপুনি যিয়েই নকওক, চিন্তা কৰি কওক। ব্যৱসায়ত লোকচান হ’ব পাৰে। টকা সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















