আৰু মাত্ৰ কেইদিনৰ পাছতেই আৰম্ভ হ’ব ২০২৫চন৷ নতুন বছৰত বিভিন্ন গ্ৰহই নক্ষত্ৰৰ অৱস্থানত এনে কিছু বিৰল সংযোগ ঘটিব, যিয়ে দেশ দুনীয়া আৰু বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত উল্লেখযোগ্য প্ৰভাৱ পৰিব৷ এনে এক বিৰল সংযোগ ঘটিব আগন্তুক ২৯ মাৰ্চ ২০২৫ চনত৷ এই দিনটোত শনিয়ে কুম্ভ ৰাশি ত্যাগ কৰি মীন ৰাশিত গোচৰ কৰিব৷ বৈদিক জ্যোতিষ অনুসৰি শনিৰ ৰাশি পৰিবৰ্তন অত্যন্ত উল্লেখযোগ্য ঘটনা৷ শনিৰ গোচৰৰ সৈতে বহু মানুহৰ জীৱন সলনি হয়৷ ইয়াৰোপৰি আন এক উল্লেখযোগ্য বিষয় এয়াই যে এই দিনটোত গ্ৰহণো লাগিব৷
আগন্তুক ২৯ মাৰ্চ ২০২৫ পঞ্জিকা অনুসৰি পালিত হ’ব চ’ত অমাবস্যা৷ সেইদিনটোত হ’ব আগন্তুক বছৰৰ প্ৰথম সূৰ্য গ্ৰহণ৷ আৰু সেইদিনাই শনিয়ে কুম্ভ ৰাশি এৰি মীন ৰাশিত প্ৰৱেশ কৰিব৷ সূৰ্য গ্ৰহণৰ সৈতে একে দিনাই শনিৰ গোচৰ ঘটাত তাৰ শুভ আৰু অশুভ দুই ধৰণৰ প্ৰভাৱ লক্ষ্য কৰা যায়৷ সূৰ্য গ্ৰহণ আৰু শনিৰ গোচৰ একে দিনে হ’লে ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?
মিথুন ৰাশি
২৯ মাৰ্চৰ পৰা ব্যৱসায়ত উন্নতি কৰিব পাৰিব মিথুন ৰাশিৰ জাতকে৷ ৰৈ থকা কাম আপুনি এই সময়ত সম্পূৰ্ণ কৰিব পাৰিব৷ পূৰ্বতকৈ আৰ্থিক পৰিস্থিতি বহু উন্নত হ’ব মিথুন ৰাশিৰ জাতকৰ৷ বিদেশ যাত্ৰাৰ সুযোগ পাব আপুনি৷ যিসকলে চাকৰিৰ চেষ্টা কৰিছে তেওঁলোকে শনিৰ প্ৰভাৱত এই সময়ত চাকৰি পাব পাৰে৷ অবিবাহিতসকলৰ বিবাহৰ কথা পাক্কা হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ