বৈদিক জ্যোতিষশাস্ত্ৰত শনিদেৱক ন্যায়ৰ দেৱতা আৰু কৰ্মৰ দাতা হিচাপে ধৰা হয়৷ অন্যহাতে বুধক ব্যৱসায় আৰু বুদ্ধিমত্তাৰ কাৰক হিচাপে বিবেচনা কৰা হয়৷ জ্যোতিষশাস্ত্ৰ অনুসৰি শনি আৰু বুধৰ মাজত বন্ধুত্বৰ বিশেষ সম্পৰ্ক আছে৷ আগন্তুক নৱেম্বৰত শনি মাৰ্গী হব৷ ইয়াৰ সৈতে বুধে বিপৰীতমূখী গতিত প্ৰৱেশ কৰিব৷ এই জ্যোতিষশাস্ত্ৰীয় ঘটনাৰ ফলত সকলো ৰাশিৰ ওপৰতেই তাৰ প্ৰভাৱ পৰিব৷ বিশেষকৈ তিনি ৰাশিৰ জাতকৰ বাবে এই সময়ত আৰ্থিক লাভ, অগ্ৰগতি আৰু সাফল্যৰ বহু নতুন পথ মুকলি হব৷ কেৱল সেয়াই নহয়, বিদেশ ভ্ৰমণ আৰু নতুন কেৰিয়াৰৰ বিকল্পৰো সম্ভাৱনা আছে৷ জানি থওক এই সময়ত কোন তিনিটা ৰাশিৰ জাতকে বিশেষ সুবিধা পাব?
মিথুন ৰাশি
জ্যোতিষশাস্ত্ৰৰ হিচাপ অনুসৰি নৱেম্বৰত শনিয়ে চিধা পথত অৱস্থান কৰিব আৰু বুধ বিপৰীতমূখী হব৷ এই পৰিবৰ্তন মিথুন ৰাশিৰ জাতকৰ বাবে ইতিবাচক হব৷ এই সময়ত চাকৰি আৰু ব্যৱসায়ত জড়িত ব্যক্তিয়ে অগ্ৰগতিৰ সুযোগ পাব৷ যিসকলে দীৰ্ঘদিন ধৰি চাকৰি বিচাৰি আছে তেওঁলোকেও ভাল খবৰ পাব পাৰে৷ আইনী বিষয়ত সাফল্যৰ সম্ভাৱনা আছে৷ মিথুন ৰাশিৰ জাতকৰ সৃজনশীলতা আৰু নেতৃত্বৰ দক্ষতাৰ বাবে কৰ্মক্ষেত্ৰত প্ৰশংসিত হব৷ নতুন দায়িত্ব লাভ কৰাৰ লগতে উন্নতিৰো সুযোগ পাব পাৰে এই ৰাশিৰ জাতকে৷ নতুন প্ৰকল্প বা পৰিকল্পনা আৰম্ভ কৰাৰ বাবে এই সময় অনুকূল বুলি ধাৰণা কৰা হৈছে৷
বৃষ ৰাশি
শনি আৰু বুধ বিপৰীতমুখী হলে তাৰ শুভ ফল পাব বৃষ ৰাশিৰ জাতকে৷ কাৰণ শনিদেৱে এই ৰাশিৰ আয়ৰ ঘৰত অৱস্থান কৰিব৷ অন্যহাতে বুধে এই ৰাশিৰ সপ্তম ঘৰত বিপৰীতমুখী অৱস্থান কৰিব৷ ইয়াৰ ফলত আপুনি অংশীদাৰিত্বৰ কামত সুসংবাদ পাব পাৰে৷ এই সময়ত শিল্প, বৌদ্ধিক ক্ষমতা আৰু আয় বৃদ্ধি পাব৷ আয়ৰ নতুন পথ তৈয়াৰ হব আৰু নতুন পৰিকল্পনাও আৰম্ভ কৰিব পাৰে৷ লেখামেলা আৰু সামাজিক যোগাযোগ উন্নত হব৷ এই সময়ত বিনিয়োগতো ভাল লাভ পাব পাৰে৷
কুম্ভ ৰাশি
এই সময় কুম্ভৰাশিৰ জাতকৰ বাবে শুভ৷ কৰ্মজীৱন আৰু ব্যৱসায়ৰ বাবেও এই সময় লাভজনক হব৷ কাৰণ শনিদেৱে এই ৰাশিৰ ধন স্থানত প্ৰতিগামী হব আৰু বুধে কৰ্মস্থানত প্ৰতিগামী হব৷ ইয়াৰ ফলত হঠাৎ আৰ্থিক লাভ হব পাৰে অথৱা বেকাৰসকলে চাকৰি লাভ কৰাৰ সম্ভাৱনা আছে৷ পৰিয়ালৰ সদস্যসকলৰ জীৱনলৈ সুখ আৰু শান্তি আহিব আৰু ঘৰৰ বাবে নতুন আচবাবপত্ৰ ক্ৰয় বা ৰিয়েল এষ্টেট সম্পৰ্কিত সিদ্ধান্ত লোৱাৰ বাবে শুভ সময়৷ ইয়াৰ সৈতে চাকৰিৰ সৈতে সম্পৰ্কিত ব্যক্তিয়ে তেওঁলোকৰ পছন্দক স্থানলৈ ট্ৰান্সফাৰ লব পাৰে৷
ডিছক্লেইমাৰঃ কোনো ৰাশিৰ জাতক বা জাতিকাৰ ভাগ্যত কি আছে সেই সংক্ৰান্তিয়া কোনো মতামত অসম লাইভ ২৪ৰ নিজা নহয়৷ প্ৰদত্ত তথ্য সঠিকভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লওক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















