শনি বৰ্তমান অৱস্থাত আছে মীন ৰাশিত৷ আগন্তুক ২৭ জুলাইত কৰ্মফলৰ গ্ৰহ শনিয়ে মাৰ্গী অৰ্থাৎ চিধা চলন এৰি বক্ৰী হ’ব৷ অৰ্থাৎ এই সময়ত শনিৰ বিপৰীতমুখী চলন আৰম্ভ হব৷ শনিৰ বক্ৰীদশা চলিব ১১ ডিচেম্বৰ পৰ্যন্ত, এই সময়ৰ মাজত এই তিনি ৰাশিৰ জাতকৰ জীৱনলৈ নানান ক্ষেত্ৰত প্ৰচুৰ উন্নতি কৰাৰ সুযোগ পাব৷ দেখা গৈছে ৰথযাত্ৰা, দুৰ্গাপূজা, কালীপূজাৰ দৰে ডাঙৰ উৎসৱৰ সময়তেই এই তিনি ৰাশিৰ জাতকে সাফল্য স্বৰ্গত অৱস্থান কৰিব৷ জানি থওক বক্ৰী শনিৰ প্ৰভাৱত ভাগ্য খুলিব কাৰ কাৰ?
মেষ ৰাশি
আপোনাৰ সকলো সমস্যাৰ সমাধান কৰিব বক্ৰী শনিয়ে৷ এই সময়ত পৰিস্থিতি আপোনাৰ অনুকূলে থাকিব৷ চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব পাৰিব৷ আপোনাৰ টকা যদি কৰোবাত ৰৈ আছে বা আপুনি যদি ঋণক লৈ চিন্তাত থাকে তেতিয়া ২৭ জুলাইৰ পৰা সকলো সমস্যাৰ সমাধান হব৷ খৰচ নিয়ন্ত্ৰণত থাকিব৷ অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক৷ দৰমহা বৃদ্ধি পাব পাৰে৷ অতিৰিক্ত আৰ্থিক লাভৰ যোগ আছে৷ সহজে ধন উপাৰ্জন কৰাৰ বাবে অন্যায় পথলৈ নাযাব৷ তেনে প্ৰলোভন এৰাই চলক৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ ব্যৱসায়ীয়ে বক্ৰী শনিৰ প্ৰভাৱত প্ৰচুৰ মুনাফা লাভ কৰিব৷ যিসকলে নতুন ব্যৱসায় বা ষ্টাৰ্টআপ আৰম্ভ কৰাৰ কথা ভাৱিছে তেওঁলোকৰ বাবে এই সময় শুভ সময়৷ পাৰিবাৰিক ব্যৱসায়ত যিসকল যুক্ত তেওঁলোকৰ ব্যৱসায় আৰু বঢ়োৱাৰ সুযোগ পাব৷ চাকৰিয়ালে নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ চিন্তা ভাৱনা কৰিব পাৰে৷ এই সময়ত পৰিস্থিতি আপোনাৰ পক্ষত থাকিব৷ ষ্ট্ৰেচ আৰু টেনছন কমিব৷ স্বাস্থ্য ভালে থাকিব৷
মকৰ ৰাশি
মকৰ ৰাশিৰ তৃতীয় ঘৰত বক্ৰী হ’ব শনি৷ ১১ ডিচেম্বৰ পৰ্যন্ত সকলো কামতে পজিটিভ ফলাফল পাব এই ৰাশিৰ জাতকে৷ নতুন চাকৰিৰ প্ৰস্তাৱ আহিব পাৰে৷ কোনো ডাঙৰ কোম্পানীত কামৰ সুযোগ পাব পাৰে৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷ এই সময়ত আত্মবিশ্বাস তুংগত থাকিব মকৰ ৰাশিৰ জাতকৰ৷ মাটি, ঘৰ, ফ্লেটত বিনিয়োগ কৰিলে লাভজনক হব৷ কোনো সুখবৰ পাব পাৰে৷ যিয়ে আপোনাৰ মনৰ জোৰ আৰু বঢ়াব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















