বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি প্ৰতিটো গ্ৰহই নিজৰ অৱস্থান সলনি কৰি থাকে৷ ইফালে শনিদেৱ, বুধ আৰু শুক্ৰ তিনিটাই এনে অৱস্থানত আছে যিয়ে তৈয়াৰ কৰিছে ত্ৰিগ্ৰহী যোগ৷ এই বিশেষ যোগৰ ফলত দেশ, কাল, সমাজত নানান প্ৰভাৱ পৰিব পাৰে৷ তাৰফলত বহু ৰাশিৰ জাতক জাতিকাই লাভৰ মুখ দেখিব৷ এই ত্ৰিগ্ৰহী যোগ তৈয়াৰ হৈছে মীন ৰাশিত৷ এই ৰাশিত সদ্য প্ৰৱেশ কৰিছে শনি৷ দেখা যায় ত্ৰিগ্ৰহী যোগত কেইটামান ৰাশিৰ জাতক জাতিকাই লাভৰ মুখ দেখিব৷
ধনু ৰাশি
এই যোগে আপোনাৰ ৰাশিৰ চতুৰ্থভাৱত তৈয়াৰ হ’ব৷ এই সময়ত সুখ সমৃদ্ধি আহিব৷ এই সময়ত গাড়ী আৰু সম্পত্তিৰ দিশৰ পৰা আপোনাৰ তুমুল উন্নতি হব পাৰে৷ পৰিয়ালৰ সকলোৰে সৈতে সম্পৰ্ক ভাল হব৷ আপোনাৰ পৈতৃক সম্পত্তি প্ৰাপ্তি হব পাৰে৷ আত্মবিশ্বাস বাঢ়িব পাৰে৷ ঘৰৰ সকলোৰে সৈতে সম্পৰ্ক ভাল হব৷ ব্যৱসায় বিস্তাৰৰ বাবে যি সমস্ত যোজনা তৈয়াৰ কৰিছে তাৰ পৰা লাভ পাব৷ মাতৃ আৰু শহুৰৰ ঘৰৰ সৈতে সম্পৰ্ক উন্নীত হব৷
কুম্ভ ৰাশি
বুধ, শনি আৰু শুক্ৰৰ সংযোগে আপোনাৰ ভাগ্য সোণৰ দৰে চমকাই তুলিব৷ এই সময়ত ধন আপোনাৰ হাতলৈ আহিব৷ কৰোবাত ৰৈ থকা ধন হাতত পৰিব৷ পূৰ্বে যি কাম কৰিছে তাৰ ফল হিচাপে এই সময়ত লাভ পাব৷ সঠিক সময়ত আপুনি সঠিক স্থানত থাকিব৷ ফলত সুযোগ আহিব হাতলৈ৷ আপোনাৰ কথাত বহুজনেই আকৃষ্ট হব পাৰে৷ ব্যৱসায়ীসকলৰ বাবে এই সময় শুভ৷
মিথুন ৰাশি
ত্ৰিগ্ৰহী যোগত মিথুন ৰাশিৰ জাতক জাতিকাৰ উন্নতি খাটাং৷ এই সময়ত কামৰ দিশত উন্নতি হব৷ টকাৰ সৈতে জড়িত কোনো দিশত লাভ পাব৷ যি ধন উপাৰ্জন হব তাৰ বৃহৎ অংশ সঞ্চয় কৰিব৷ যিসকলে চাকৰিৰ সন্ধান কৰি আছে তেওঁলোকে চাকৰি পাব৷ প্ৰমোছন আৰু টকাৰ ভাগ্যত সুসময়ে দেখা পাব৷ ব্যৱসায়ীসকলে ধনলাভ কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ