অসম লাইভ২৪ঃ ২০২৩ ৰ আইপিএল টুৰ্ণামেণ্টত চেন্নাই চুপাৰ কিংছ দলে ট্ৰফী আঁজুৰি আনিবলৈ সক্ষম হৈছে। দলটোৰ হৈ ভাল পাৰফৰ্মেন্স দেখুৱাই চৰ্চাত আহিছে শিৱম ডুবে নামৰ ক্ৰিকেটাৰগৰাকী। শিৱমৰ বেটিং ধামাকাতেই চেন্নাই চুপাৰ কিংছে ট্ৰফী আঁজুৰাৰ পথ কিছু হ’লেও সুচল হৈ উঠিছিল সেই কথা প্ৰতিজন ক্ৰিকেট অনুৰাগীয়েই চৰ্চা কৰিছে। কিন্তু শিৱম ডুবেৰ বিষয়ে বহুতেই আজিও অজ্ঞাত। শিৱম আইপিএলৰ জৰিয়তে সকলোৰে পৰিচিত মুখ হৈ পৰিছে সেয়ে বহুজনেই এতিয়া শিৱমৰ ব্যক্তিগত জীৱন সম্পৰ্কে জানিবলৈ আগ্ৰহী হৈ উঠিছে।
ক্ৰিকেটপ্ৰেমীৰ হৃদয় জিনিবলৈ সক্ষম হোৱা শিৱমৰ ব্যক্তিগত জীৱনো কিছু পৃথক। ২০২১ চনত বিবাহপাশত আৱদ্ধ হৈছে ক্ৰিকেটাৰ শিৱম ডুবে। কৈশোৰৰ বান্ধৱী অঞ্জুম খানক বিয়া কৰাইছে শিৱমে। কিন্তু তেওঁৰ বিবাহৰ বিষয়ে চৰ্চা কৰাৰো আছে বিশেষ কিছু কাৰণ। এই বিবাহৰ পথ মসৃণ নাছিল। কাৰণ অঞ্জুম মুছলমান আৰু শিৱম হিন্দু। সামাজিক মাধ্যমতো সেই সময়ত শিৱম আৰু অঞ্জুমৰ বিবাহক লৈ যথেষ্ট চৰ্চাও চলিছিল। চলিছিল বিতৰ্কও। মুম্বাইতেই শিৱম আৰু অঞ্জুমে মুছলমান আৰু হিন্দু দুই নিয়মেৰে বিবাহপাশত আৱদ্ধ হয়।
বিবাহৰ অনুষ্ঠানত দুয়োৰে পৰিয়ালৰ ওপৰিও কেইবাজনো তাৰকা ক্ৰিকেটাৰ উপস্থিত আছিল। শিৱম ডুবেৰ পত্নী অঞ্জুমা খান উত্তৰ প্ৰদেশৰ বাসিন্দা। আলিগড় মুছলিম ইউনিভাৰ্ছিটিৰ পৰা ফাইন আৰ্টত ডিগ্ৰীধাৰী শিৱমৰ পত্নী আঞ্জুমা। ইপিনে শিৱমেও ক্ৰিকেটত কেৰিয়াৰ গঢ়িবলৈ সক্ষম হৈছে। এইবাৰ চেন্নাই চুপাৰ কিংছে শিৱমক ৪ কোটি টকাৰ বিনিময়ত দলত লৈছিল।
ভাৰতীয় ক্ৰিকেট দলৰ হৈয়ো শিৱমে এদিনীয়া ক্ৰিকেটৰ লগতে ১৩ খন আন্তৰ্জাতিক মেছ আৰু টি-২০ও খেলিছে। বৰ্তমান পৰ্যন্ত ১৩ খন আন্তৰ্জাতিক টি-২০ মেচত শিৱমে ১৭.৫০ বেটিং ৰেটৰ লগতে মুঠ ১০৫ ৰান কৰিবলৈ সক্ষম হৈছে। যদি শিৱমৰ আইপিএল টুৰ্ণামেণ্টত পাৰফৰ্মেন্স চোৱা যায় তেন্তে চেন্নাই চুপাৰ কিংছৰ হৈ তেওঁ যথেষ্ট ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। ১৬ খন মেচত মুঠ ৪১৮ ৰান কৰিবলৈ সক্ষম হৈছে শিৱমে। তেওঁৰ সৰ্বাধিক স্ক’ৰ ৫২ হ’লেও তিনিটাকৈ হাফ চেঞ্চুৰিও মাৰিছে শিৱমে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ