অসম লাইভ২৪ঃ বিশ্ব অৰ্থনীতিৰ শীৰ্ষত আমেৰিকা। ডলাৰৰ ওপৰত ভিত্তি কৰিয়েই সমগ্ৰ বিশ্বৰ শীৰ্ষত আছে আমেৰিকা। কিন্তু এতিয়া আমেৰিকাই দেউলীয়া হৈছে। আমেৰিকাৰ ডলাৰৰ ভাণ্ডাৰ কমি আহিছে। আমেৰিকাৰ অৰ্থনীতি এতিয়া সংকটত। নেপথ্যৰ অন্যতম কাৰণ হৈছে আমেৰিকাৰ আয় আৰু ব্যয়ৰ মাজত ভাৰসাম্য অটুত থকা নাই। যাৰফলত ঋণৰ চাপত পৰিছে বাইডেন চৰকাৰ। মূলত কভিড পৰিস্থিতিৰ পৰবৰ্তী সময়ত দেশ চলাবৰ বাবে আমেৰিকাৰ যি নীতি সেই অনুসৰিয়েই বহু পৰিমাণে ঋণ লোৱা আৰম্ভ কৰিছে চৰকাৰখনে। কিন্তু এই ঋণৰ বোজাতেই এতিয়া বাইডেন চৰকাৰ বিশ্বৰ অন্য দেশৰ পৰা সহায় বিচাৰিবলৈ বাধ্য হৈ পৰিছে।
পূৰ্বৰে পৰাই আমেৰিকাই আয়তকৈ ব্যয় বেছি কৰি আহিছে। এই অত্যাধিক ব্যয়ৰ বাবেই বাৰে বাৰে ঋণো লৈ আহিছে আমেৰিকা চৰকাৰে। বহুকেইখন দেশৰ লগতে বেচৰকাৰী বহু প্ৰতিষ্ঠানৰ ওচৰত আমেৰিকাৰ ঋণ আছে। বিগত কেইটামান বছৰ ধৰি সেই ঋণৰ বোজা আৰু বৃদ্ধি পাইছে। চৰকাৰী নীতি অনুসৰি আমেৰিকাৰ প্ৰতিখন চৰকাৰকেই ঋণ লবৰ বাবে এক সীমা বান্ধি দিয়া হয়। তাতকৈ বেছি পৰিমাণে কোনো চৰকাৰেই আমেৰিকাত ঋণ ল’ব নোৱাৰে। অৰ্থাৎ অভাৱ হ’লেও ইচ্ছানুসৰি ঋণ বঢ়াই ল’ব নোৱাৰে। কিন্তু এইবাৰ বছৰৰ আৰম্ভণিতেই বাইডেন চৰকাৰে আমেৰিকাৰ নীতি মতে ল’ব পৰা সকলো ঋণ লৈয়েই পেলাইছে। বৰ্তমানলৈ আমেৰিকাই বিভিন্ন দেশৰ লগতে বেচৰকাৰী সংস্থাৰ পৰা লোৱা ঋণৰ পৰিমান হৈছে ৩১.৪ লাখ কোটি ডলাৰ। বৰ্তমান আমেৰিকাৰ ৰাজকোষ সম্পূৰ্ণ খালী। প্ৰশাসন চলাই ৰাখিবলৈ আমেৰিকা চৰকাৰৰ হাতত এতিয়া ধনৰ অভাৱ। আগন্তুক বৰ্ষত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনো অনুষ্ঠিত হ’ব। ৰাজনৈতিক কাৰণতো এতিয়া দেশত কৰবৃদ্ধিও সম্ভৱ নহয় বাইডেন চৰকাৰৰ। ইপিনে ব্যয় ৰোধ কৰাৰো কোনো উপায় নাই, যাৰফলত বিপাঙত পৰিছে বাইডেন চৰকাৰ।
এই পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ বাইডেন চৰকাৰে ঋণৰ উৰ্দ্ধসীমা বৃদ্ধিৰ বাবে আৱেদনো জনাইছিল। ডেমোক্ৰেট নেতা বাইডেনে বিৰোধী ৰিপাব্লিকানৰ সহায় বিচাৰিছে। দেশৰ স্বাৰ্থত ডেমোক্ৰেট আৰু ৰিপাব্লিকানে একগোটো হৈছে। ৩১৪-১১৭ ভোটৰ ব্যৱধানত গৃহীত হৈছে বাইডেনৰ প্ৰস্তাৱ। আমেৰিকাৰ চৰকাৰ আৰু বিৰোধীয়ে পৰস্পৰে হাতত ধৰিবলৈ বাধ্য হৈ পৰিছে। আমেৰিকাও শ্ৰী লংকা হৈ পৰিব নেকি সেই শংকা এতিয়া প্ৰায়সংখ্যক আমেৰিকাৰ বাসিন্দাৰ মনতেই ধৰা দিছে। পৰিসংখ্যাই কোৱা অনুসৰি আমেৰিকা চৰকাৰ প্ৰতি দিনৰ খৰচেই প্ৰায় ১.৭ হাজাৰ কোটি ডলাৰ। কিন্তু আমেৰিকাৰ প্ৰতিদিনৰ কৰৰ পৰিমান ইয়াতকৈ যথেষ্ট কম। ১৯৬০ চনৰ পৰা বৰ্তমান পৰ্যন্ত ৭৮ বাৰ আমেৰিকাই নিৰ্ধাৰিত ঋণৰ ঊৰ্ধসীমা পাৰ কৰিছে। প্ৰতিবাৰেই অৰ্থনৈতিক অচলাৱস্থা নিয়ন্ত্ৰণ কৰিবলৈ শাসক আৰু বিৰোধীয়ে একগোট হৈ ঋণসীমা বৃদ্ধিত প্ৰত্যেকবাৰেই সন্মতি দিছে। বাইডেনেই নহয় পূৰ্বৰ ৰাষ্ট্ৰপতিসকলেও বহুবাৰ এইদৰে ঋণ লৈছে। ৰাষ্ট্ৰপতি ওবামাৰ দিনতেই সৰ্বাধিক ঋণ লৈছিল আমেৰিকা চৰকাৰে। সেই সময়ত ঋণৰ পৰিমান হৈছিলগৈ ৭.৬ লাখ কোটি ডলাৰ। তাৰপাছতেই ডনাল্ড ট্ৰাম্পৰ অধীনত লোৱা ঋণৰ পৰিমান হৈছে ৬.৭ লাখ কোটি ডলাৰ।
আমেৰিকা যিহেতু বিশ্বৰ শক্তিশালী অৰ্থনৈতিক কাঠামোৰ অধিকাৰী। চৰকাৰী নিয়ম অনুসৰি ঋণ গ্ৰহণৰ সীমা বান্ধি দিয়া হ’লেও হোৱাইট হাউছত সেই বাধ্য বাধকতা প্ৰত্যেকবাৰেই উলংঘন হয়। তেওঁলোকে যিমান মন যায় সিমান ঋণ ল’ব পাৰে। কাৰণ বিশ্ব অৰ্থনীতিৰ পৰিচালক মুদ্ৰা চপা কৰে আমেৰিকাই। বিশ্ব বাণিজ্যত ৮০ শতাংশই আমেৰিকান ডলাৰ ব্যৱহৃত হয়। যিসমূহ দেশে নিজস্ব পণ্য বিক্ৰি কৰি যিমান ডলাৰ আয় কৰে তেওঁলোকে সেই ডলাৰ আকৌ আমেৰিকাতেই বিনিয়োগ কৰে। ফলত আমেৰিকাই খৰচ কৰা ডলাৰ আকৌ আমেৰিকালৈ ওভতি যায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ