অসম লাইভ ২৪ঃ আজি পৱিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ। শিৱভক্তসকলৰ বাবে আজি দিনটো আৰাধ্য দেৱতা শিৱৰ দিন। আজিৰ দিনটোত ভক্তই উপবাসে থাকি শিৱক আৰাধনা কৰে। সমাম্তৰালকৈ আজিৰে পৰা আৰম্ভ বল বম যাত্ৰা। হিন্দু ধৰ্মাৱলম্বী লোকসকলে আৰাধ্য দেৱতা শিৱৰ আৰাধনাৰ মাহ হিচাপে গণ্য কৰে শাওণ মাহক। কোভিড মহামাৰীৰ বাবে বল বমত অনুষ্ঠিত কৰাত প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰিছে ৰাজ্যত। মঠ-মন্দিৰসমূহো বন্ধ হৈ থকাৰ বাবে অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে পূজা। লোকবিশ্বাস অনুসৰি, শাওণ মাহত শিৱলিংগত পানী ঢালিলে শিৱ প্ৰসন্ন হয় আৰু ভক্তৰ মনোবাঞ্ছা পূৰণ কৰে। ১৯৮০ চনৰ পৰাই এই পৰম্পৰা চলি আহিছে। প্ৰথম অৱস্থাত উত্তৰ ভাৰতত এই প্ৰথা জনপ্ৰিয় আছিল যদিও সম্প্ৰতি সমগ্ৰ ভাৰততেই পালন কৰা হয় এই বিশেষ দিনটো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















