অসম লাইভ২৪ঃ দক্ষিণী বিনোদন জগতৰ মেগাতাৰকা কমল হাছানৰ কন্য়া শ্ৰুতি। অভিনেত্ৰী হিচাপেই নহয় গায়িকা হিচাপেও তেওঁ জনপ্ৰিয়। পেছাগত জীৱনৰ ওপৰিও ব্যক্তিগত জীৱনটোৰ বাবেও চৰ্চাত আছিল শ্ৰুতি। বিগত ৪ বছৰ ধৰি অসমৰ জনপ্ৰিয় ডুডল আৰ্টিষ্ট শান্তনু হাজৰিকাৰ সৈতে সম্পৰ্কত আছিল শ্ৰুতি। মাজে মাজে সামাজিকমাধ্যমত দুয়োৱে একেলগে ছবিও শ্বেয়াৰ কৰিছিল।
বহু সূত্ৰই প্ৰকাশ কৰামতে দুয়ো লিভ ইন টুগেদাৰত আছিল। বহুতেই প্ৰকাশ কৰিছিল তেওঁলোকে অচিৰেই বিবাহপাশত আৱদ্ধ হ’ব। চৰ্চাৰ মাজতেই এইবাৰ আহিছে দুয়োৰে বিচ্ছেদৰ খবৰ। শ্ৰুতি-শান্তনু এতিয়া প্ৰেমৰ সম্পৰ্কত নাই। সামাজিক মাধ্যমৰ পৰা শান্তনুৰ সৈতে থকা সকলোবোৰ পোষ্ট ডিলিট কৰিছে শ্ৰুতিয়ে।
ভাইৰেল খবৰমতে দুমাহ পূৰ্বেই শান্তনু-শ্ৰুতিৰ ব্ৰেকআপ হৈছে। বিগত দুমাহে শ্ৰুতি-শান্তনুক কোনো অনুষ্ঠানতেই একেলগে দেখা নাই। পূৰ্বে শান্তনুৰ প্ৰশংসাত পঞ্চমুখ হৈ থকা শ্ৰুতিৰ মুখত এতিয়া উচ্চাৰিত নহয় শান্তনুৰ নামো। অৱশ্যে প্ৰেমৰ সম্পৰ্কত থাকিলেও বিবাহক লৈ দুয়োৰে অনিহা আছিল। শ্ৰুতিৰ সৈতে বিবাহৰ প্ৰসংগত শান্তনুৱে এক সাক্ষাৎকাৰত কৈছিল, ‘আমি বিয়া নামৰ প্ৰতিষ্ঠানটোক একেবাৰেই বিশ্বাস নকৰো। আমাৰ শিল্পীসত্তাক আমি কাহানিও এক গাণ্ডিৰ ভিতৰত আৱদ্ধ কৰিব নোখোজো। যিকোনো সম্পৰ্কই সময়ৰ সৈতে বিবৰ্তিত হৈ থাকে। মই আৰু শ্ৰুতিয়েও এক সুমধুৰ সম্পৰ্ক কঢ়িয়াই আছো। অৱশ্যে আমি বিবাহত মুঠেও বিশ্বাসী নহয়।’
শান্তনুৰ দৰেই একেই মত শ্ৰুতিৰো। ভাইৰেল খবৰ অনুসৰি দুয়োৱে বুজাপৰাৰ মাজেৰেই বিচ্ছেদ গ্ৰহণ কৰিছে। প্ৰেমৰ বিচ্ছেদক লৈ সেয়ে কোনো এজনে মুখ খোলা নাই। অৱশ্যে বলীউডৰ এক সূত্ৰই প্ৰকাশ কৰিছে যে দুয়ো এতিয়া একেটা ঘৰত নাই। লিভ ইন টুগেদাৰ ত্যাগ কৰি পৃথকে পৃথকে সময় কটোৱাত ব্য়স্ত শ্ৰুতি আৰু শান্তনু।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















