অসম লাইভ২৪ঃ ২০২৩ৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL)ত ভাল পাৰফৰ্মেন্সেৰে সমগ্ৰ দেশবাসীৰ নজৰ কাঢ়িছে শুভমন গীলে৷ খুব কম সময়ৰ ভিতৰতেই নিজৰ পাৰফৰ্মেন্সৰ জৰিয়তে ভাৰতীয় ক্ৰিকেট দলত নিজা স্থান বনাবলৈকো সক্ষম হৈছে৷ IPLৰ টুৰ্ণামেণ্টত শুভমনৰ উন্নত বেটিঙৰ বাবেই মাত্ৰ চাৰি-পাঁচ বছৰৰ ভিতৰতেই দলৰ অপেনাৰ হিচাপেও ঠাই বনাবলৈ সক্ষম হৈছে৷ যদি শুভমনৰ আয়ৰ দিশটো চোৱা হয় তেন্তে বিগত কেইবছৰমানৰ ভিতৰতেই শুভমনৰ সম্পত্তিৰ পৰিমান কেইবাকোটিলৈ বৃদ্ধি হৈছে৷
৩১ কোটিৰো অধিক সম্পত্তিৰ মালিক শুভমন
১৯৯৯ চনৰ ৮ ছেপ্টেম্বৰত এক কৃষক পৰিয়ালত জন্ম লাভ হৈছিল শুভমনৰ৷ প্ৰাথমিক শিক্ষা শুভমনে পঞ্জাৱতেই গ্ৰহণ কৰিছিল৷ আইপিএলৰ কেৰিয়াৰত তেওঁৰ ভাল পাৰফৰ্মেন্সৰ বাবেই প্ৰতিবছৰেই আয়ৰ হাৰ বৃদ্ধি পাব ধৰিছে৷ ২০১৮ চনত আইপিএলত প্ৰথম ভৰি দিছিল শুভমনে৷ সূত্ৰৰ খবৰ অনুসৰি, ২০২৩ চনত শুভমন গীলৰ মুঠ সম্পত্তিৰ পৰিমান আছিল প্ৰায় ৪ মিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ৩১ কোটি টকা৷ যদি প্ৰতিমাহৰ হিচাপ কৰা হয় তেন্তে শুভমনৰ মাহিলী ইনকাম প্ৰায় ৬৬ লাখ টকা৷
গেৰেজত আছে দামী দামী গাড়ীৰ কালেকছন
ক্ৰিকেটাৰ শুভমন গীলৰ আছে বিলাসী গাড়ীৰ চখ৷ তেওঁৰ গেৰেজত একাধিক দামী দামী গাড়ী আছে৷ খুব কম বয়সতে তেওঁ ক্ৰিকেটাৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছে৷ ক্ৰিকেটৰ সফলতাৰে আয় কৰা ধনেৰেই শুভমনে ক্ৰয় কৰিছে Ranger Rover Velar, এই বাহনখনৰ দাম প্ৰায় ১.০৫ কোটি টকা৷ ইয়াৰোপৰি শুভমনৰ হাতত আছে Mahindra Thar সহ কেইবাখনো বাহন৷
উল্লেখ্য যে ২০২৩ৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ফাইনেলত সোমবাৰে চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে খেলত নামিছিল গুজৰাট টাইটানছ৷ দুই দলৰ মাজত অনুষ্টিত ফাইনেল মেচখন আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আয়োজন কৰা হৈছিল৷ এই মেচত চেন্নাইয়ে টছত জিকি গুজৰাটে প্ৰথমে বেটিং কৰে৷ CSK আশা কৰিছিল যে আৰম্ভণিতেই তেওঁলোকে উইকেট ল’ব পাৰিব৷ কিন্তু শুভমন গীল আৰু ঋদ্ধিমান সাহাই ধোনী ব্ৰিগেডৰ যাৱতীয় পৰিকল্পনাত পানী ঢালে৷ তেওঁলোক দুয়োজন মিলিয়েই ৬৭ ৰান কৰিবলৈ সক্ষম হয়৷ শুভমনে মেচত ২০ বলত ৩৯ ৰান কৰে৷ ইয়াৰ মাজতেই ৭টা বাউণ্ডাৰী আছিল৷
IPLত ৰানেৰে দ্বিতীয় স্থানত আছে শুভমন
IPLৰ ইতিহাসত সৰ্বাধিক ৰান কৰা ক্ৰিকেটাৰৰ লিষ্টত দ্বিতীয় স্থানত আছে শুভমন গীল৷ জছ বাটলাৰক পিছপেলাই দ্বিতীয় স্থান দখল কৰিছে শুভমনে৷ ২০২৩ বৰ্ষৰ আইপিএলত শুভমনে ১৭ খন মেচত ৫৯.৩৩ অৰ্থাৎ গড়ে ৮৯০ ৰান কৰিবলৈ সক্ষম হৈছে৷ ইতিমধ্যে শুভমনে ৩টা শতৰান আৰু ৪ টা হাফ চেঞ্চুৰিও মাৰিছে৷ এইবাৰ খেলত শুভমনে অৰেঞ্জ কেপো লাভ কৰিবলৈ সক্ষম হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ