৩১ জানুৱাৰী ২০২৬ত সুখ, সমৃদ্ধি বিলাসিতা আৰু প্ৰেমৰ গ্ৰহ শুক্ৰই নক্ষত্ৰ পৰিবৰ্তন কৰিব৷ ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই৷ জ্যোতিষশাস্ত্ৰত মঙ্গলৰ ধনিষ্ঠা নক্ষত্ৰৰ অধিপতি হিচাপে বিবেচনা কৰা হয়৷ মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰৰ ফলত লাভৱান হব বিশেষ ৫ৰাশিৰ জাতক৷ কোন কোন ৰাশিৰ জাতক সৌভাগ্যবান হ’ব?
মেষ ৰাশি
শুক্ৰৰ গোচৰ মেষ ৰাশিৰ বাবে আৰ্থিকভাৱে অত্যন্ত লাভজনক হব৷ যিহেতু মঙ্গল মেষ ৰাশিৰ অধিপতি আৰু শুক্ৰই তাৰ নক্ষত্ৰমণ্ডলত গোচৰ কৰিছে সেয়ে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব৷ এই সময়ত আপুনি ৰৈ থকা ধন উভতাই পাব৷ পুৰণি বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ দেখা পাব৷ নতুন কোনো পৰিকল্পনাৰে কৰ্মক্ষেত্ৰত প্ৰশংসা পাব৷ আপোনাৰ ঊৰ্ধ্বতনসকলৰ পৰা সহায় পাব৷
বৃষ ৰাশি
বৃষ ৰাশিৰ অধিপতি শুক্ৰ৷ সেয়ে শুক্ৰৰ নক্ষত্ৰৰ পৰিবৰ্তনে আপোনাৰ ব্যক্তিত্ব আৰু বিলাসিতাৰ ওপৰত প্ৰভাৱ পেলাব৷ এই সময়ত বস্তুগত সুখ বাঢ়িব৷ নতুন বাহন বা সম্পত্তি ক্ৰয় কৰিব পাৰে৷ প্ৰেম জীৱন আৰু মধুৰ হৈ উঠিব৷ অবিবাহিত ব্যক্তিয়ে বিবাহৰ প্ৰস্তাব পাব পাৰে৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকৰ বাবে এই সময় শুভ সময়৷ ব্যৱসায় বৃদ্ধি পাব৷ শুক্ৰৰ গোচৰে আপোনাৰ সামাজিক পৰিসৰত সন্মান বৃদ্ধি কৰিব৷ ব্যৱসায়িক পাৰ্টনাৰ থাকিলে লাভ আৰু বাঢ়িব৷ চাকৰিয়ালৰ পদোন্নতি হব পাৰে৷ দৰমহা বৃদ্ধিৰো সম্ভাৱনা আছে৷ বিদেশ ভ্ৰমণৰ সুযোগ আহিব পাৰে৷
কন্যা ৰাশি
ধনিষ্ঠা নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশে আপোনাৰ মানসিক শান্তি আৰু পাৰিবাৰিক সুখ বৃদ্ধি কৰিব৷ এই সময়ত আইনী কোনো জটিলতাত সোমাই থাকিলে ৰায় আপোনাৰ পক্ষত আহিব৷ আপুনি শত্ৰুৰ ষড়যন্ত্ৰ থাকিলেও সেয়া ফালি ওলাই আহিব৷ সৃজনশীল কামৰ সৈতে জড়িত ব্যক্তিয়ে বিশেষ স্বীকৃতি আৰু পুৰস্কাৰ পাব পাৰে৷
কুম্ভ ৰাশি
ধনিষ্ঠা নক্ষত্ৰত গোচৰৰ ফলত প্ৰভাৱিত হব কুম্ভ ৰাশিৰ জাতক৷ এই সময় কুম্ভ ৰাশিৰ জাতকৰ বাবেও শুভ হ’ব৷ আয়ৰ নতুন উৎস তৈয়াৰ হ’ব৷ আপোনাৰ সঞ্চিত সম্পদ বৃদ্ধি পাব৷ আপোনাৰ কথাত অন্যসকল প্ৰভাৱিত হব৷ সাফল্যৰ পথত থকা বাধা সহজে অতিক্ৰম কৰিব পাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















