বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি শুক্ৰ হৈছে প্ৰেম, সৌন্দৰ্য, সম্পদ, সমৃদ্ধি আৰু সুখৰ প্ৰতীক গ্ৰহ৷ আগন্তুক মাহত অৰ্থাৎ মে মাহৰ ৮ তাৰিখে নিশা ৯.৫১ মিনিটত নিজৰ স্থান সলনি কৰি মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব৷ মঙ্গলৰ দ্বাৰা শাসিত এই মৃগশিৰা নক্ষত্ৰত শুক্ৰ ২০ মেলৈকে থাকিব৷ যিয়ে কিছু নিৰ্দিষ্ট ৰাশিৰ জাতকৰ বাবে অত্যন্ত উপকাৰী প্ৰমাণিত হব৷ কোন কোন লাভৱান হব?
বৃষ ৰাশি
শুক্ৰৰ নক্ষত্ৰ পৰিবৰ্তন বৃষ ৰাশিৰ জাতকৰ বাবে শুভ হব পাৰে৷ এই সময়ত নিজৰ দিশে ওভতি চোৱাৰ, ভৱিষ্যতৰ পথ ঠিক কৰি আগুৱাই যোৱাৰ বাবে আদৰ্শ সময়৷ গোপন কোনো উৎসৰ পৰা আৰ্থিক লাভ হব পাৰে৷ অৰ্থনৈতিক অৱস্থাৰ উন্নতি হব পাৰে৷ পুৰণি বিনিয়োগৰ পৰা উল্লেখযোগ্য মুনাফা হব৷ মানসিক চাপ কমিব৷ বাহন ক্ৰয়ৰ পৰিকল্পনা থাকিলে এই সময় অত্যন্ত ভাল সময়৷
মিথুন ৰাশি
শুক্ৰৰ এই গোচৰ মিথুন ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ প্ৰমাণিত হব৷ প্ৰেমৰ সম্পৰ্ক আৰু গভীৰ হব৷ কৰ্মজীৱনত ব্যাপক উন্নতিৰ সম্ভাৱনা আছে৷ ব্যৱসায় থাকিলে তাতো লাভৰ সম্ভাৱনা আছে৷ ছিংগল ব্যক্তিয়ে প্ৰেমৰ প্ৰস্তাৱ পাব পাৰে৷ জাতকৰ সৃজনশীল গুণৰ বিকাশ ঘটিব, খ্যাতিও বাঢ়িব৷
কৰ্কট ৰাশি
শুক্ৰৰ স্থান পৰিবৰ্তন কৰ্কট ৰাশিৰ জাতকৰ বাবে বেছ প্ৰভাৱশালী হব৷ আয়ৰ একাধিক পথ খুলিব৷ সমাজত সন্মান বৃদ্ধি পাব৷ বন্ধুৱে আপোনাক সমৰ্থন কৰিব৷ আপোনাৰ কমিউনিকেছন স্কিল উন্নত হব৷ প্ৰভাৱশালী ব্যক্তিৰ সৈতে পৰিচয় হোৱাৰ নানান সুযোগ আহিব পাৰে৷ আপোনাৰ প্ৰেম জীৱনত ইতিবাচক পৰিবৰ্তনে দেখা দিব৷
তুলা ৰাশি
মঙ্গলৰ অধীনৰ নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ তুলা ৰাশিৰ জাতকৰ বাবে শুভ হব পাৰে৷ তেওঁলোকৰ সৌন্দৰ্য বৃদ্ধি পাব পাৰে৷ প্ৰেমৰ সম্পৰ্ক আৰু গভীৰ হব৷ দাম্পত্যত সুখ বাঢ়িব৷ আৰ্থিক অৱস্থা শক্তিশালী হব৷ অপ্ৰয়োজনীয় খৰচ পৰিহাৰ কৰক৷ সঞ্চয় বাঢ়িব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















