জ্যোতিষৰ গণনা অনুসৰি ২৫ ছেপ্টেম্বৰত শুক্ৰ গ্ৰহই পূৰ্বফাল্গুনী নক্ষত্ৰত গোচৰ কৰিছে৷ ভাল দিশ হৈছে এই নক্ষত্ৰৰ অধিপতি স্বয়ং শুক্ৰ গ্ৰহ৷ ফলত ধন, ভোগবিলাস আৰু প্ৰেমৰ কাৰক শুক্ৰই যেতিয়া নিজৰ নক্ষত্ৰত প্ৰৱেশ কৰে তেতিয়া অপাৰ ধন সম্পদৰ বৰ্ষণ ঘটে৷ শুক্ৰ গ্ৰহই যেতিয়া নিজৰ ৰাশি বা নিজস্ব নক্ষত্ৰত প্ৰৱেশ কৰে তেতিয়া তাৰ প্ৰভাৱ আৰু প্ৰৱল হৈ উঠে আৰু অত্যন্ত শুভ ফল প্ৰদান কৰে৷ এই সময়ত শুক্ৰ পূৰ্ব ফাল্গুনীত অৱস্থান কৰিছে সেয়ে কিছু ৰাশিৰ জাতকৰ জীৱনলৈ ধন, ঐশ্বৰ্য, প্ৰেম আনন্দ আৰু ৰোমান্সৰ প্ৰাচুৰ্য আহিব৷
বৃষ ৰাশি
বৃষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ৷ সেয়ে এই ৰাশিত শুক্ৰৰ শুভ প্ৰভাৱ সৰ্বদা বিৰাজমান থাকে৷ শুক্ৰৰ এই নক্ষত্ৰ গমনে জাতকৰ জীৱনত প্ৰেম বঢ়াই দিয়ে৷ প্ৰচুৰ ধন সম্পদ আৰু ঐশ্বৰ্য আহিব৷ বিনিয়োগতো লাভ হব৷ সংগীৰ সৈতে সম্পৰ্ক আৰু দৃঢ় হ’ব৷
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকৰ বাবে শুক্ৰৰ এই নক্ষত্ৰগমন অত্যন্ত লাভদায়ক হ’ব৷ বিশেষকৈ যিসকলে যোগাযোগ, মিডিয়া আৰু গ্লেমাৰ জগতৰ সৈতে যুক্ত তেওঁলোকে সাফল্য পাব পাৰে৷ অৰ্থৰ সৈতে জনপ্ৰিয়তাও বাঢ়িব৷ সম্পৰ্কসমূহত মাধুৰ্য আহিব৷
তুলা ৰাশি
শুক্ৰৰ পূৰ্বফাল্গুনী নক্ষত্ৰত প্ৰৱেশ তুলা ৰাশিৰ জাতকৰ বাবে বিৰাট সুফল কঢ়িয়াই আনিব৷ তুলা ৰাশিৰ অধিপতি গ্ৰহও শুক্ৰ৷ ধনলাভ হব, মান সন্মান বাঢ়িব৷ প্ৰেমৰ সম্পৰ্কত মাধুৰ্য বৃ্দ্ধি পাব৷ নতুন সম্পৰ্ক তৈয়াৰ হব আৰু সেইসমূহৰ পৰা উপকাৰো আহিব৷
মীন ৰাশি
মীন ৰাশিৰ জাতকৰ বাবে শুক্ৰৰ এই নক্ষত্ৰ পৰিবৰ্তনে শুভ ফল দিব৷ জীৱনত ধন সম্পদ বৃদ্ধি পাব৷ ইয়াৰোপৰি ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহ বাঢ়িব৷ সংগীত, শিল্প আৰু সৃজনশীলতাৰ সৈতে যুক্ত ব্যক্তিৰ বাবে এই সময় বিশেষ শুভ৷ প্ৰেমজীৱন আৰু বিবাহিত জীৱন সুন্দৰভাৱে কটাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















