সূৰ্যক গ্ৰহৰাজ হিচাপে বিবেচনা কৰা হয়৷ যিয়ে প্ৰতিমাহে গোচৰ কৰে৷ শুক্ৰ গ্ৰহ প্ৰেম, সৌন্দৰ্য, বিলাসিতা আৰু সম্পদৰ প্ৰতীক৷ সূৰ্য পিতা, আত্মা, শক্তি, আত্মবিশ্বাস আৰু চৰকাৰী চাকৰিৰ প্ৰতীক৷ বৰ্তমান সূৰ্য মীন ৰাশিত অৱস্থান কৰিছে৷ শীঘ্ৰেই সূৰ্যই মেষ ৰাশিত প্ৰৱেশ কৰিব৷ বৰ্তমান শুক্ৰ গ্ৰহ মঙ্গলৰ ৰাশি মেষত অৱস্থান কৰিছে৷ হিন্দু পঞ্জিকা অনুসৰি সূৰ্যই ১৪ এপ্ৰিলত মেষ ৰাশিত প্ৰৱেশ কৰিব৷ সূৰ্যই মেষ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগেই সূৰ্য আৰু শুক্ৰৰ সংযোগ ঘটিব৷ গ্ৰহৰাজ শুক্ৰৰ সৈতে সূৰ্যৰ সংযোগে শুক্ৰাদিত্য ৰাজযোগ সৃষ্টি কৰিব৷ সূৰ্য আৰু শুক্ৰৰ এই সংযোগে ১২ ৰাশিকেই প্রভাৱিত কৰিব৷ জানি থওক মেষ ৰাশিত সূৰ্য আৰু শুক্ৰৰ সংযোগত সৃষ্ট শুক্ৰাদিত্য ৰাজযোগৰ পৰা কোন কোন ৰাশি উপকৃত হ’ব পাৰে?
মেষ ৰাশি
মেষ ৰাশিৰ বাবে মঙ্গলৰ ৰাশিত সূৰ্য আৰু শুক্ৰৰ গোচৰৰ ফলত সৃষ্ট শুক্ৰাদিত্য ৰাজযোগ উপকাৰী প্ৰমাণিত হব পাৰে৷ ব্যৱসায়ীয়ে নতুন বিনিয়োগকাৰি বিচাৰি পাব পাৰে৷ বিবাহিত জীৱন মধুৰ থাকিব৷ সম্পদ বৃদ্ধিৰ ওপৰিও প্ৰেম জীৱনতো ৰোমান্সে বিৰাজ কৰিব৷
সিংহ ৰাশি
মেষ ৰাশিত মঙ্গল, সূৰ্য আৰু শুক্ৰৰ গোচৰৰ ফলত সৃষ্ট শুক্ৰাদিত্য ৰাজযোগ সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে উপকাৰী হব পাৰে৷ কৰ্মজীৱনত সৌভাগ্য আপোনাৰ অনুকূলে থাকিব৷ সম্পদো বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ ব্যৱসায়ীয়ে আনকি এক নতুন চুক্তিও সম্পন্ন কৰিব পাৰে৷ প্ৰেম আৰু আৰ্থিক জীৱনত উল্লেখযোগ্য পৰিবৰ্তন দেখা পাব৷
মিথুন ৰাশি
মেষ ৰাশিত মঙ্গল, সূৰ্য আৰু শুক্ৰৰ গোচৰত গঠিত শুক্ৰাদিত্য ৰাজযোগ মিথুন ৰাশিৰ বাবে শুভ হব পাৰে৷ জীৱনলৈ এজন বিশেষ ব্যক্তিৰ আগমন ঘটিব পাৰে৷ কৰ্মজীৱনত দক্ষতা প্ৰদৰ্শনৰ বাবে বহু নতুন সুযোগ আহিব৷ ব্যৱসায়ীয়েও এক নতুন চুক্তি কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















