অসম লাইভ ২৪ঃ ১০ বছৰৰ আগৰ কথা। সেই ঠাইত তেওঁ নেমুপানী আৰু আইচক্ৰিম বিক্ৰী কৰিছিল। নাম তেওঁৰ য়্যানি শিৱা। বয়স ৩১। বর্তমান কেৰালাৰ তিৰুৱন্তপুৰমৰ ভাৰকালা থানাৰ উপ-পৰিদর্শক। কলেজৰ প্ৰথম বর্ষত অধ্যয়ন কৰি থকাৰ সময়ত পৰিয়ালৰ অমতত তেওঁ নিজৰ প্ৰেমিকৰ সৈতে থাকিবলৈ আৰম্ভ কৰিলে। আনকি সন্তান সম্ভৱাও হয়। ঠিক সেই সময়তে প্ৰেমিকে য়্যানিক অথাই সাগৰত পেলাই তেওঁৰ কাষৰ পৰা আঁতৰি গ’ল। ঘৰলৈ ঘূৰি যাবলৈও কোনো বাট নাই। সন্তান জন্ম হোৱাৰ পাছত তেওঁ ঘৰলৈ উভতি গৈছিল, কিন্তু ঘৰত স্বীকাৰ নকৰিলে য়্যানিক। উপায়ান্তৰ হৈ এটা ভাৰাঘৰ লৈ পুত্ৰ শিৱ সূর্যৰ সৈতে আৰম্ভ কৰিলে নতুন জীৱন। পেট প্ৰৱর্তাবলৈ আৰম্ভ কৰিলে মছলা আৰু চাবোনৰ ব্যৱসায়। পাছত বীমা সংস্থাৰ এজেণ্টৰূপেও যোগদান কৰিলে। কেৱল ইমানেই নহয়, পুত্ৰৰ কথা ভাবি গধূলি সময়ত নেমুপানী আৰু আইচক্ৰিম বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলে। এনেদৰেই পুত্ৰক পোহপাল দি এটকা-দুটকা জমা কৰি এদিন তেওঁ সমাজ বিজ্ঞানৰ স্নাতক হ’ল। ২০১৪ চনত তিৰুৱন্তপুৰমৰ আৰক্ষীৰ পৰীক্ষা দিবলৈ এটি কোচিং চেণ্টাৰত নামভর্তি কৰিলে য়্যানিয়ে। এফালে সংসাৰ আনফালে পুত্ৰ। তাৰ পাছত চাকৰিৰ বাবে পঢ়া-শুনা। সকলোবোৰ চম্ভালিব লগা হৈছিল য়্যানিয়ে। ২০১৬ চনত আৰক্ষীৰ প্ৰৱেশ পৰীক্ষাত উত্তীর্ণ হ’ল য়্যানি। চাকৰিও লাভ কৰিলে। আৰু মাত্ৰ দুদিন পূর্বে এটা সময়ত নিমুপানী বিক্ৰী কৰা ভৰকালা অঞ্চললৈ আৰক্ষী উপ-পৰিদর্শকৰূপে বদলি হৈ আহিল য়্যানি। সঁচাকৈয়ে লক্ষ্য কঠিন হ’ব পাৰে, কিন্তু সেই লক্ষ্যত যদি উপনীত হোৱাৰ সৎ সাহস আৰু মনোবাঞ্ছা থাকে, তেন্তে সকলো সম্ভৱ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















