অসম লাইভ ২৪ঃ মাত্ৰ ৪০ বছৰ বয়সতেই অকাল মৃত্যুক আকোৱালি ল’লে অভিনেতা সিদ্ধাৰ্থ শুক্লাই৷ সহস্ৰ অনুৰাগীক কন্দুৱাই আজি পুৱা মৃত্যুবৰণ কৰে অভিনেতা তথা বিগ বছ বিজেতা সিদ্ধাৰ্থ শুক্লাই৷ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মুম্বাইৰ কুপৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে৷ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ বিগ বছ ছিজন-১৩ ৰ বিজেতা আছিল সিদ্ধাৰ্থ শুক্লা৷ খটৰ’ কে খীলাড়ীৰ ছিজন ৭তো বিজয় সাব্যস্ত কৰিছিল অভিনেতাগৰাকীয়ে৷ বলীউড টিভি ইণ্ডাষ্ট্ৰীৰ এটা জনপ্ৰিয় নাম আছিল সিদ্ধাৰ্থ শুক্লা৷ শেহতীয়াকৈ বিগ বছ OTTৰ মঞ্চত দেখা পোৱা গৈছিল তাৰকাগৰাকীক৷ হঠাৎ প্ৰিয় তাৰকাগৰাকীৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰিছে অনুৰাগীসকলক৷ আজি শোকস্তব্ধ প্ৰতিগৰাকী অনুৰাগী৷ টুইটযোগে বলীউডৰ প্ৰতিগৰাকী তাৰকা তথা অনুৰাগীয়ে শোকপ্ৰকাশ কৰিছে অভিনেতাগৰাকীৰ মৃত্যুত
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ