জুবিনেৰ বিবাহপাশত আৱদ্ধ হ’ব এগৰাকী মোহময়ী অভিনেত্ৰী৷ কোন এই মোহময়ী অভিনেত্ৰীগৰাকী? এই মোহময়ী অভিনেত্ৰীগৰাকী হৈছে নিকিতা দত্ত৷
নিকিতা দত্ত হৈছে হিন্দী চলচ্চিত্ৰ আৰু টেলিভিশ্যনৰ এগৰাকী অভিনেত্ৰী৷ ২০১২ চনত ফেমিনা মিছ ইণ্ডিয়াৰ ফাইনেলিষ্ট নিকিতাই লেকৰ হাম দীৱানা দিল ছবিৰে বলিউদত অভিষেক কৰিছিল৷
ইয়াৰ পিছতে নিকিতাই কেবাখনো হিন্দী ছবি আৰু ধাৰাবাহিক অভিনয় কৰে৷ এই নিকিতাৰে এতিয়া জনপ্ৰিয় গায়ক জুবিনৰ সৈতে বিবাহৰ কথা উলাইছে৷
লগতে পঢ়ক ফুটবল বিশ্বকাপত ভাৰতৰো বিশেষ আবিৰ্ভাৱ! কি ৰূপত দেখা যাব ভাৰতৰ প্ৰতিষ্ঠানক?
জুবিন হৈছে বলিউদৰ এগৰাকী জনপ্ৰিয় গায়ক৷ সম্পূৰ্ণ নাম জুবিন নাটিয়াল৷ দীৰ্ঘদিন ধৰি নিকিতাৰে সম্পৰ্কৰ গুঞ্জন চলি থকাৰ পিছতে তেওঁলোকে বিবাহ পাশত আৱদ্ধ হ’বলৈ আগবাঢ়িছে বুলি ইন্টাৰনেট চৰ্চা লাভ কৰিছে৷
দুয়োৱে ইজনে সিজনক আঙুঠি পিন্ধোৱাৰ ফ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ আনকি দুয়োৰে অন্তৰংগ মুহূৰ্তৰ ছবিও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷
পিছত এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছিল জুবিনে।
লগতে পঢ়ক উদ্ধৱ থাকৰেৰ মাৰাঠী জাতীয়তাবাদ : চলিব কেৱল মাৰাঠী, প্ৰশাসনত নিষিদ্ধ হিন্দী, ইংৰাজী!
শেহতীয়াকৈ জুবিন আৰু নিকিতাই অনুৰাগীৰ বাবে এটা নতুন গানো সাজু কৰি তুলিছে৷ তেওঁলোকে নিজেই ইয়াৰ কিছু আভাস সামাজিক মাধ্যমত শ্বেয়াৰো কৰিছে৷
জুবিনৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰা ফটোত নিকিতাৰ হাতত ধৰি প’জ দি ফ’টো শ্বেয়াৰ কৰি কেপশ্যনত লিখিছে, ‘‘মস্ত নজৰো চে’’ ৩১ মাৰ্চত মুক্তি পাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ