চলিত বছৰৰ দীপাৱলিত এইবাৰ দুখনকৈ নতুন চিনেমা চলিব প্ৰেক্ষাগৃহত৷ সিংহম এগেইন আৰু ভুল ভুলাইয়া-৩৷ দীপাৱলি উপলক্ষে আগন্তুক ১ নৱেম্বৰত মুক্তি পোৱাৰ কথা এই দুই ছবিৰ৷ ফলত কপ ইউনিভাৰ্ছ আৰু হৰৰ কমেডিৰ যুদ্ধত কোনখন ছবি ভাল চলিব সেই বিষয়টো লৈ দৰ্শকে নিজা নিজা ৰায় দিবলৈকো আৰম্ভ কৰিছে৷ এই দুই ছবি ভাৰতৰ লগতে অন্য কেইবাখনো দেশত মুক্তি পাব৷ কিন্তু মুক্তিৰ পূৰ্বেই এই ছবি নিষিদ্ধ কৰা হ’ল ছৌদী আৰৱত৷
ভুল ভুলাইয়া-৩ আৰু সিংহম এগেইনক ছৌদী আৰৱত নিষিদ্ধ ঘোষণা কৰিছে৷ সূত্ৰৰ খবৰ অনুসৰি সেই দেশৰ চৰকাৰে সিংহম এগেইনৰ ক্ষেত্ৰত জনাইছে যে এই ছবিয়ে দুই ভিন্ন ধৰ্মক লৈ সংঘাত দেখুৱাইছে বাবেই নিষিদ্ধ কৰা হৈছে৷ ইয়াৰোপৰি ভুলভুলাইয়াচ সমকামী ভালপোৱাৰ কাহিনী দেখুওৱা হৈছে বাবে নিষিদ্ধ কৰা হৈছে এই ছবিও৷
উল্লেখ্য যে ভুল ভুলাইয়া ফ্ৰেঞ্চাইজিৰ তৃতীয় পৰ্বত প্ৰধান ভূমিকাত দেখা যাব কাৰ্তিক আৰিয়ান আৰু তৃপ্তি দিমৰিক৷ ছবিত আছে মাধুৰী দীক্ষিতো৷ ২০০৭ চনত প্রথমখন ভুলভুলাইয়াই মুক্তি লাভ কৰিছিল৷ সেই ছবিত অক্ষয় কুমাৰ আৰু বিদ্যা বালনৰ অভিনয় দৰ্শকে আজিও মনত ৰাখিছে৷ ২০২২ চনত মুক্তি পায় ছবিৰ ছিকুৱেল৷ ভুলভুলাইয়া-২৷ এই ছবিত অৱশ্যে বিদ্যা বালন নাছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ