গুৱাহাটীৰ ছাইৰেণ গেং! পিতৃ ডাঙৰ মানুহ, গতিকে গুৱাহাটীৰ বাট-পথ তেওঁলোকৰ। দেউতাকে কিনি দিছে দামী দামী গাড়ী। দামী গাড়ী চলাই উৰি ফুৰে সন্তানসকল। বাট এৰি দিব লাগিব সাধাৰণ জনতাই। কাৰণ তেওঁলোক ডাঙৰ মানুহৰ সন্তান। গাড়ীত ছাইৰেণো আছে। এই ছাইৰেণ গেঙৰ অন্যতম সদস্য অৰিন কটকীক গ্ৰেপ্তাৰৰ পাছত অৰিনৰ স্বীকাৰোক্তিৰ ভিত্তিতেই মহানগৰ আৰক্ষীয়ে জব্দ কৰিছে ১০ খন বাহন।
ভিআইপি, ভিভিআইপি প্লেট লগাই মহানগৰীত ছাইৰেণ গেং ঘুৰি ফুৰে স্ক’ৰপিঅ’, ইন’ভা, থাৰ, এলকাজাৰ বাহন লৈ। গাড়ীৰ আইনাত লগোৱা থাকে বিধানসভা ‘কাৰ পাছ’। নিশা হ’লেই ৰাজপথলৈ ওলাই আহে ছাইৰেণ বজাই। কেৱল ঘুৰি ফুৰাই নহয়, মহটীয়াই নিয়ে পথচাৰীকো। বিভিন্ন দুষ্কাৰ্য সংঘটিত কৰাৰো অভিযোগ আছে এই ভিআইপি, ভিভিআইপি বাহনৰ বিৰুদ্ধে।
গুৱাহাটীৰ ছাইৰেণ গেঙৰ অন্যতম সদস্য এৰিন কটকীক গ্ৰেপ্তাৰৰ পিছতে আৰক্ষীয়ে এই বিষয়ত বহু ক্লু লাভ কৰিবলৈ সক্ষম হয়। এৰিনৰ স্বীকাৰোক্তিৰ ভিত্তিত শুকুৰবাৰে নিশা চলিছিল হিট এণ্ড ৰান গোচৰৰ তদন্ত অভিযান। এৰিনৰ দুখন গাড়ী জব্দ হৈছে আৰু দুয়োখনতে লিখা আছে Govt of Assam। এৰিনৰ স্বীকাৰোক্তিৰ ভিত্তিত এতিয়ালৈকে ১০ খন বিলাসী বাহন জব্দ কৰাৰ লগতে ছাইৰেণ গেঙৰ আন তিনি সদস্যক আটক কৰা হৈছে। জব্দকৃত আটাইকেইখন বাহনৰ গৰাকীসকল উচ্চপদস্থ বিষয়া আৰু ব্যৱসায়ী। আৰু লক্ষ্যণীয়ভাবে তেওঁলোকৰ সন্তানসকলে এই বিলাসী বাহনসমূহত ভুৱা ভিআইপি, ভিভিআইপি ষ্টিকাৰ লগাই উদ্ভণ্ডালি কৰি ঘুৰি ফুৰে ৰাজপথত।
উল্লেখ্য যে, আৰক্ষীয়ে জব্দ কৰা বাহনসমূহ চলাই ফুৰা আটাইকেইগৰাকী বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়নৰত শিক্ষাৰ্থী। ৰাজপথত অন্য বাহন তথা পথচাৰীক হাৰশাস্তি কৰি ফুৰা এই ছাইৰেণ গেঙৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিবনে?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ