• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টংক মামাৰ শব্দৰ সাধু শুনাবলৈ শিৱনাথ বৰ্মন আৰু নাই! ৮০ বছৰীয়া জীৱন নাট সামৰি গ’লগৈ ‘ৰচনা সম্ভাৰ’ৰ প্ৰণেতা বৰ্মন…

টংক মামাৰ শব্দৰ সাধু শুনাবলৈ শিৱনাথ বৰ্মন আৰু নাই! ৮০ বছৰীয়া জীৱন নাট সামৰি গ’লগৈ ‘ৰচনা সম্ভাৰ’ৰ প্ৰণেতা বৰ্মন…

4 years ago
কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

2 hours ago
বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

2 hours ago
কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

3 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

3 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

সাৱধান! পত্নীক সকলো কথা কোৱাটো উচিত নে অনুচিত?

3 hours ago
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

5 hours ago
UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

6 hours ago
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

7 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

8 hours ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

9 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

টংক মামাৰ শব্দৰ সাধু শুনাবলৈ শিৱনাথ বৰ্মন আৰু নাই! ৮০ বছৰীয়া জীৱন নাট সামৰি গ’লগৈ ‘ৰচনা সম্ভাৰ’ৰ প্ৰণেতা বৰ্মন…

editor by editor
December 15, 2022
in অসম, গুৱাহাটী, জীৱনশৈলী, স্বাস্থ্য
0
টংক মামাৰ শব্দৰ সাধু শুনাবলৈ শিৱনাথ বৰ্মন আৰু নাই! ৮০ বছৰীয়া জীৱন নাট সামৰি গ’লগৈ ‘ৰচনা সম্ভাৰ’ৰ প্ৰণেতা বৰ্মন…
0
SHARES
903
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

 

অসম লাইভ২৪ঃ শিৱনাথ বৰ্মন আৰু নাই৷ অসমীয়া সাহিত্যজগতলৈ বহু অৱদান আগবঢ়াই যোৱা শিননাথ বৰ্মনৰ মৃত্যু অসমৰ সাহিত্যজগতৰ বাবে অপূৰণীয় ক্ষতি৷ শিৱনাথ বৰ্মন একাধাৰে এগৰাকী অধ্যাপক, লিখক, সম্পাদক, অভিধান প্ৰণেতা আৰু অনুবাদক। তেখেত ‘জনসাধাৰণ’ বাতৰি কাকতৰ মুখ্য সম্পাদকৰূপেও সেৱা আগবঢ়াইছিল। ২০২২ বৰ্ষত তেখেতে সাহিত্যক্ষেত্ৰতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতক প্ৰদান কৰা হৈছিল ‘ওজা হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য সাধনা বঁটা’৷ শেহতীয়াভাৱে ২০২২ চনত, তেখেতক অসম সাহিত্য সভাৰ ছগনলাল জৈন বঁটা প্ৰদান কৰা হৈছিল।

ক’ত জন্মগ্ৰহণ কৰিছিল শিৱনাথ বৰ্মনে?
শিৱনাথ বৰ্মনৰ জন্ম হৈছিল ১৯৪২ চনত যোৰহাটত। পিতৃৰ নাম কাশীনাথ বৰ্মন আৰু মাতৃৰ নাম ভবাণীবালা বৰ্মন। কিন্তু বৰ্মনৰ পিতৃৰ প্ৰকৃত ঘৰ আছিল নলবাৰী চহৰৰ পশ্চিমৰ চামতা অঞ্চলৰ আমনিত৷ তেওঁ যোৰহাট নৰ্মাল স্কুলৰ পৰা পৰীক্ষা পাছ কৰি সেই স্কুলতে চাকৰি কৰিছিল। সেই স্কুলৰে শিক্ষক আবাসত শিৱনাথ বৰ্মনৰ জন্ম। মাতৃ ভবাণীবালা আছিল মৰিগাঁও জিলাৰ অন্তৰ্গত জাগী ভকত গাঁৱৰ৷

বৰ্মনৰ জন্মৰ এবছৰ মান পাছতেই পিতৃ শিৱসাগৰ চৰকাৰী হাইস্কুললৈ বদলি হয়। সেয়েহে বৰ্মনে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল নাজিৰাত। ১৯৫৯ চনত নাজিৰাৰ ল’ৰাৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ গুৱাহাটীৰ কটন কলেজত নাম ভৰ্তি কৰে। ১৯৬৩ চনত পদাৰ্থ বিজ্ঞানত সম্মানসহ স্নাতক পৰীক্ষা পাছ কৰি তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত নাম লগায় আৰু দুবছৰ পিচত একেটা বিষয়তে স্নাতকোত্তৰ পৰীক্ষাতো উত্তীৰ্ণ হয়। পৰীক্ষা দি পৰীক্ষাৰ ফলাফল ওলোৱাৰ আগতেই তেওঁ শিৱসাগৰ মহাবিদ্যালয়ত শিক্ষকৰ পদত সোমায়। তাত ডেৰ বছৰমান থকাৰ পিচত তেওঁ কটন মহাবিদ্যালয়লৈ আহে। চৰকাৰী চাকৰিত মুক্ত চিন্তাৰ সুযোগ নাপাব বুলি এই চাকৰি এৰি দি গুৱাহাটীৰ আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ত অধ্যাপনা কৰিবলৈ লয়। ২০০২ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পিছতো গুৱাহাটীৰে এখন ব্যক্তিগত জুনিয়ৰ কলেজত ৰেক্টৰ হিচাপে দুবছৰমান থকাৰ পিচত তেওঁ সেই চাকৰিও ত্যাগ কৰে। ২০০৮ চনত তেওঁ ‘জনসাধাৰণ’ কাকতৰ দায়িত্বভাৰ লয় আৰু আঠ বছৰ চাকৰি কৰাৰ পিচত সেই পদ ত্যাগ কৰে।

শিৱনাথ বৰ্মনৰ সৃষ্টিৰাজী?
শিৱনাথ বৰ্মনে অসমৰ সাহিত্যৰক্ষেত্ৰখনক চহকী কৰি থৈ গৈছে৷ তেওঁ লিখা গ্ৰন্থৰ তালিকা-

আইনষ্টাইন আৰু পদাৰ্থ জগত (১৯৭৬) (প্ৰথম সংস্কৰণৰ পিছত আইনষ্টাইন আৰু পদাৰ্থ বিজ্ঞান নামেৰ গ্ৰন্থখন প্ৰকাশ হয়)
স্বদেশ-স্বমত (১৯৮০)
ন মনুষ্যৎ (১৯৮২)
লোক-কৃষ্টিৰ উৎস (১৯৮২)
অন্বেষা (১৯৮৪)
পদাৰ্থ বিজ্ঞান প্ৰবেশ (১৯৮৪)
শ্ৰীমন্ত শংকৰদেৱ: কৃতি আৰু কৃতিত্ব (১৯৮৬)
বাস্তৱ নে বিভ্ৰম (প্ৰসেনজিৎ চৌধুৰীৰ সৈতে, ১৯৮৬, বাংলা অনুবাদ-২০১৩)
টংক মামাৰ অংকৰ সাধু (১৯৮৮)
বিশ্বৰ বৰেণ্য বিজ্ঞানী (১৯৮৮)
কিৰ্তিৰ্যস্য (১৯৯১)
অসমীয়া জীৱনী অভিধান (১৯৯২)
অসমীয়া আখৰ জোঁটনিৰ কথা (১৯৯৩, ১৯৯৮, ২০১৩)
শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ উত্তৰ সুৰীসকল (১৯৯৩)
অসমীয়া ব্যাকৰণ অভিধান (১৯৯২)
ভাৰতীয় চিন্তা (১ম খণ্ড, ১৯৯৩)
সংস্কৃতিৰ সংকট (১৯৯৪)
ভাৰতীয় চিন্তা (২য় খণ্ড, ১৯৯৫)
অসমৰ জনজাতি সমস্যা (১৯৯৫)
মৃত-বিস্মৃত (১৯৯৬)
ক্ষুৰতম কণাৰ সন্ধানত (১৯৯৫), ‘মৌলিক কণাৰ কাহিনী’ নামেৰে ২০১৩ )
ইমানুৱেল কাণ্ট: মানুহজন আৰু তেওঁৰ মতবাদ (১৯৯৫)
মহান বিজ্ঞানীৰ চানেকি জীৱনৰ (১৯৯৮, অসম জাতীয় বিদ্যালয়ৰ পৰা)
আলবাৰ্ট আইনষ্টাইন (১৯৯৮)
গেলিলিঅ'(২০০৫)
হেমচন্দ্ৰ বৰুৱা (২০০৬)
অৰ্দ্ধ আকাশ (২০০৯)
মাটি কমলাৰ কুকি (২০১০)
টংক মামাৰ শব্দৰ সাধু (২০১২)
ভাকুটকুট (২০১২)
ভাৰতীয় চিন্তা: চমু পৰিচয় (পূৰ্বৰ দুটা খণ্ডৰ একত্ৰ সংকলন, ২০১৩)
ৰূপান্তৰৰ ৰেহৰূপ (২০১৩)
সাধক আৰু সাধনা (২০১৩)
প্ৰত্যাবৰ্তন (২০১৪)
অশ্ৰু-অৰ্ঘ্য (২০১৪)
নাম যাৰ ফিবনাচ্ছি (২০১৪)
ভূমৈব সুখম (২০১৬)
অমৃত পুত্ৰ (২০১৭)

ইংৰাজী সাহিত্যতো আছিল শিৱনাথ বৰ্মনৰ বিশেষ দখল৷ তেওঁ ইংৰাজীত সম্পাদনা কৰি উলিওৱা গ্ৰন্থসমূহৰ ভিতৰত আছে-

An Unsung Colossus: An Introduction to the life and work of Sankerdeva (1997)
Competitive Physics (Two volumes 2001 )
Tradition to modernity: Essays on Assam (2002)
Science and Sensibility (2014)

শিৱনাথ বৰ্মনে অনুবাদ কৰা গ্ৰন্থৰ তালিকাত আছে-

একক সংস্কৃতিৰ অভিমুখে (বিজ্ঞান আৰু ক’লাৰ সেতুবন্ধন বিষয়ক প্ৰবন্ধৰ সংকলন আৰু অনুবাদ ১৯৯২)
বিজ্ঞান আৰু বিজ্ঞানী (On Science and Scientist গ্ৰন্থৰ অনুবাদ ৰবীন্দ্ৰ কুমাৰ দাসৰ সৈতে যুটীয়াকৈ, ১৯৯৯)
বিষ্ণুপ্ৰসাদ ৰাভা: জীৱন আৰু কৃতি (নলিনীধৰ ভট্টাচাৰ্য, পৰমানন্দ মজুমদাৰৰ সৈতে যুটীয়াকৈ, ১৯৮৫)
ভবানন্দ দত্তঃ তেওঁৰ জীৱন আৰু প্ৰতিভা (ৰঞ্জিৎ দেৱ গোস্বামী আৰু পৰমানন্দ মজুমদাৰৰ সৈতে যুটীয়াভাবে, ১৯৯৫)
বন্দীত বলো (মুনীন বৰকটকী) জীৱনীমূলক ৰচনা, ১৯৯৫)
ৰবীন্দ্ৰনাথ (পৰমানন্দ মজুমদাৰৰ সৈতে যুটীয়াভাবে, ১৯৯৬)
আধুনিকতাৰ অগ্ৰদূত হেমচন্দ্ৰ বৰুৱা (১৯৯৬, ২০১৬ সম্পাদনা সহযোগী- প্ৰসেনজিৎ চৌধুৰী আৰু অৰুণ শৰ্মা)
সংগ্ৰামেই যাৰ জীৱন (অৰবিন্দ ঘোষ স্মৃতিমাল্য, ১৯৯৬)
সুন্দৰৰ সৈনিক (নলিনীধৰ ভট্টাচাৰ্য অভিনন্দন গ্ৰন্থ, পৰমানন্দ মজুমদাৰ আদিৰ সৈতে যুটীয়াকৈ, ১৯৯৭)
প্ৰশংসা শংকৰদেৱ (প্ৰবন্ধ সংকলন, ১৯৯৭)
অসমীয়া সাহিত্যৰ বুৰঞ্জী, ২য় খণ্ড (সহযোগী নাৰায়ণ দাস, ১৯৯৭, ২০১৫)
অসমীয়া নাৰী: ঐতিহ্য আৰু উত্তৰণ (পৰমানন্দ মজুমদাৰ, সন্ধ্যা দেৱীৰ সৈতে মুটীয়াকৈ, ২০০২)
তিনি পুৰুষৰ গল্পৰ কুকি (শৰৎ চন্দ্ৰ গোস্বামী, তেওঁৰ কন্যা আৰু নাতিনীৰ গল্প সংকলন, ২০০২)
উদয় দত্ত (ৰচনাৱলী আৰু শ্ৰদ্ধাঞ্জলি, ২০০৩)
সুৱদী সোলেং (অসমীয়া হাস্য-ব্যঙ্গ কবিতাৰ সংকলন, ২০০৮)
ঐতিহ্য আৰু ইতিহাস (অমলেন্দু গুহ অভিনন্দন গ্ৰন্থ, প্ৰসেনজিৎ চৌধুৰী আদিৰ সৈতে, ২০০৫)
সাক্ষৰ (আৰ্যবিদ্যাপীঠ কলেজৰ শিক্ষক আৰু প্ৰাক্তন ছাত্ৰৰ নিৰ্বাচিত ৰচনা সংকলন, সহযোগী দিগন্ত ওজা, ২০০৯)
সংগ্ৰাম আৰু সংবীক্ষা (অনিল ৰায় চৌধুৰী অভিনন্দন গ্ৰন্থ, পৰমানন্দ মজুমদাৰ আনিৰে সৈতে, ২০১১)
প্ৰসন্নলাল চৌধুৰী ৰচনাৱলী (২০১১)
পথ আৰু পাথেয় (দিলীপ শৰ্মা স্মাৰক গ্ৰন্থ, সহযোগী ত্ৰিদিব বৰপূজাৰী, ২০১৩)
কাশীনাথ বৰ্মন ৰচনাৱলী (২০১৩)
অভবাৰা (অমলেন্দু গুহ স্মাৰক গ্ৰন্থ, জুনু বৰা, প্ৰসূন বৰ্মনৰ সৈতে যুটীয়াকৈ, 2০১৫)
সংকটৰ সংকেত, ২০১৬ ২২। মুগাগামী : হেমচন্দ্ৰ বৰুৱাৰ কৰ্ম আৰু প্ৰতিভা (২০১৬, আধুনিকতাৰ অগ্ৰদূত বৰ্জিত সংস্কৰণ)
অজ্ঞান মনষ্কতাৰ বাটকটীয়া: হেমচন্দ্ৰ বৰুৱা (২০১৭)
Pensive Pioneers (Collection of Essays on Eminent Personalities of Assam, 2013)

শিৱনাথে বৰ্মনে লাভ কৰা বঁটা
বিভিন্ন সন্মানেৰে বিভুষিত হোৱা শিৱনাথ বৰ্মনে শেহতীয়াকৈ লাভ কৰা সন্মানৰ ভিতৰত আছিল-
ওজা হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য সাধনা বঁটা-২০২২’ সাদিন-প্ৰতিদিন গোষ্ঠী আৰু ছগনলাল জৈন বঁটা

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!
জীৱনশৈলী

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

July 17, 2026
বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক
জীৱনশৈলী

বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

July 17, 2026
কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

July 17, 2026
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩
বিশ্ব

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

July 17, 2026
Next Post
শোকাৱহ দুৰ্ঘটনা! ৰে’লৰ তলত সোমাই মৃত্যুক সাবটিলে অধ্যাপিকাই…

শোকাৱহ দুৰ্ঘটনা! ৰে’লৰ তলত সোমাই মৃত্যুক সাবটিলে অধ্যাপিকাই...

এদিন ৰুটি বনাই বিক্ৰি কৰি পৰিয়াল চলাইছিল, আজি কিমান কোটি টকাৰ মালিক মনোজ তিৱাৰী?

এদিন ৰুটি বনাই বিক্ৰি কৰি পৰিয়াল চলাইছিল, আজি কিমান কোটি টকাৰ মালিক মনোজ তিৱাৰী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.