বিৰাটে কৰিব নোৱাৰা কাম কৰি ৰোহিত শৰ্মাৰ ক্লাবত যোগদান স্মৃতি মান্ধনাৰ
ভাৰত আৰু ইংলেণ্ড মহিলা দলৰ মাজত চলি থকা পাঁচখনীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ দ্বিতীয়খন মেচ মঙলবাৰে ১ জুলাইত ব্রিষ্টলৰ কাউন্টি গ্রাউণ্ডত অনুষ্ঠিত হয়৷ য’ত ভাৰতীয় মহিলা দলৰ অধিনায়ক স্মৃতি মান্ধনা বিশেষ সফল হব নোৱাৰে কিন্তু ইয়াৰ পিছতো মান্ধাই অৰ্জন কৰে এক বিশেষ কৃতিত্ব।
টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১৫০খন বা তাতকৈ অধিক মেচ খেলা দেশৰ তৃতীয়গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয় মান্ধানা। মান্ধানাৰ পূৰ্বে পুৰুষ দলৰ পৰা কেৱল ৰোহিত শৰ্মাই ১৫০ খনতকৈও অধিক টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল।
আনহাতে এই বিশেষ কৃতিত্ব অৰ্জন কৰোতা আন এগৰাকী ভাৰতীয় খেলুৱৈ হৈছে হৰমনপ্ৰীত কৌৰ। হৰমনপ্ৰীতে ১৭৯ খন টি-২০ আন্তৰাষ্ট্ৰীয় মেচ খেলিছে।
বৰ্তমানলৈ ২৮ বছৰীয়া মান্ধানাই ক্ৰিকেটৰ আটাইতকৈ চুটি ফৰ্মেট টি-২০ত মুঠ ১৫০খন খেল খেলিছে। য’ত মুঠ ৩৮৮৬ ৰান সংগ্ৰহ কৰিছে।
আনহাতে ৰোহিত শৰ্মা আৰু হৰমনপ্ৰীত কৌৰৰ টি-২০ কেৰিয়াৰত ভাৰতীয় পুৰুষ দলৰ হৈ ৰোহিতে ১৫৯খন মেচ খেলি ৪২৩১ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে হৰমনপ্ৰীতে ভাৰতীয় মহিলা দলৰ হৈ ১৭৯খন খেলত অংশগ্ৰহণ কৰি ৩৫৯০ ৰান সংগ্ৰহ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















