চন্দ্ৰগ্ৰহণৰ পাছতেই এতিয়া শীঘ্ৰেই বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ চলিব৷ বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ ২৯ মাৰ্চ, শনিবাৰে অনুষ্ঠিত হব৷ জ্যোতিষশাস্ত্ৰৰ হিচাপ অনুসৰি চ’ত নৱৰাত্ৰী সূৰ্যগ্ৰহণৰ ঠিক পাছৰ দিনাৰ পৰাই আৰম্ভ হ’ব৷ অৰ্থাৎ মা দুৰ্গাৰ পূজাৰ দিনাৰ পৰাই শুভ দিন আৰম্ভ হব৷ জ্যোতিষশাস্ত্ৰ অনুসৰি, বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ মীন ৰাশি আৰু উত্তৰভাদ্ৰপদ নক্ষত্ৰত হব৷ এই পৰিস্থিতিতি জানি থওক কোন ৰাশিৰ জাতকৰ বাবে বছৰৰ প্রথম সূৰ্যগ্ৰহণে অশুভ ফলাফল আনিব৷ আৰু সূতক কাল বৈধ হবনে?
কেতিয়া হব সূৰ্যগ্ৰহণ?
সূৰ্য আৰু পৃথিৱীৰ মাজত চন্দ্ৰই অৱস্থান কৰিলেই সূৰ্যগ্ৰহণ হয়৷ যেতিয়া চন্দ্ৰই সূৰ্যক সম্পূৰ্ণৰূপে ঢাকি পেলাই তেতিয়াই তাক পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ বুলি কোৱা হয়৷ কিন্তু যেতিয়া সম্পূৰ্ণৰূপে ঢাকি ৰাখিব নোৱাৰে তাক আংশিক বুলি কোৱা হয়৷ ২০২৫ চনৰ ২৯ মাৰ্চত আংশিক সূৰ্যগ্ৰহণ হব৷ এই সময়ত চন্দ্ৰই সূৰ্যৰ প্ৰায় ৯৩শতাংশ ঢাকি পেলাব৷ এই সময়তেই এটা পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ দৰে পৰিস্থিতি হলেও ১০০শতাংশ নোহোৱাৰ বাবে তাৰ পূৰ্ণগ্ৰাস বুলি কোৱা নহব৷ এই গ্ৰহণ উত্তৰ আমেৰিকাৰ কিছু অংশৰ পৰা দৃশ্যমান হব৷ এয়া গ্ৰীনলেণ্ড, আইছলেণ্ড, ইউৰোপ আৰু উত্তৰ পশ্চিম আফ্ৰিকাৰ কিছু অংশত দৃশ্যমান হব৷ উত্তৰ পশ্চিম ৰাছিয়াৰ মানুহে তেওঁলোকৰ সময় অনুসৰি দিনৰ শেষত এয়া চাবলৈ সক্ষম হব৷
সূৰ্যগ্ৰহণৰ সময়
চ’ত নৱৰাত্ৰিৰ পূৰ্বে বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ হব ২৯ মাৰ্চৰ দুপৰীয়া ২ বাজি ২১ মিনিটৰ পৰা সন্ধিয়া ৬ বাজি ১৬ মিনিট পৰ্যন্ত৷ গ্ৰহণৰ মুঠ সময়কাল হব ৩ঘণ্টা ৫৩ মিনিট৷ বছৰৰ প্রথম সূৰ্যগ্ৰহণ ইউৰোপ, উত্তৰ এছিয়া, উত্তৰ পশ্চিম আফ্ৰিকা, উত্তৰ আমেৰিকা, আটলাণ্টিক মহাসাগৰ আৰু উত্তৰ মেৰু ইত্যাদি দেশত দৃশ্যমান হব৷
চ’ত নৱৰাত্ৰিত এদিন পূৰ্বে বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ ঘটিব৷ গ্ৰহণৰ কাৰণে চত নৱৰাত্ৰিৰ ঘটস্থাপন হবনে নাই সেই বিষয়টোক লৈ মানুহ চিন্তিত৷ যিহেতু এই সূৰ্যগ্ৰহণ ভাৰতত দেখা নাযাব, সেয়ে নৱৰাত্ৰিৰ কলহ স্থাপনৰ ওপৰত এই গ্ৰহণৰ কোনো প্ৰভাৱ নপৰে৷
এই ২ৰাশিৰ জাতকৰ বাঢ়িব অসুবিধা
বছৰৰ প্রথম সূৰ্যগ্ৰহণে মেষ আৰু বৃশ্চিক ৰাশিৰ জাতকৰ বাবে অশুভ বুলি ধাৰণা কৰা হৈছে৷ এই ৰাশিৰ জাতকে আগন্তুক এমাহ সাবধান থাকিব লাগিব৷ অৰ্থৰ ক্ষতি হব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ