যিকোনো ব্যক্তিৰ জীৱনত সুখ, স্বাচ্ছন্দ্য আৰু শান্তি বৰ্তাই ৰাখিবলৈ অৰ্থৰ ভূমিকা যথেষ্ট৷ অৰ্থৰ অভাৱ ঘটিলে জীৱনৰ বহু পৰিস্থিতি চম্ভালা কঠিন হৈ পৰে৷ চাকৰি, ব্যৱসায়, পাৰিবাৰিক জীৱন অথৱা ব্যক্তিগত জীৱনক প্ৰভাৱিত কৰে অৰ্থ আৰু সম্পদে৷ সেয়ে সম্পদৰ দেৱী লক্ষ্মীক প্ৰসন্ন ৰখাৰ বাবে কেইটামান নিয়ম মানি চলিলে সংসাৰত দাৰিদ্ৰতাই প্ৰৱেশ নকৰে৷
হিন্দু ধৰ্মৰ নানান শাস্ত্ৰ আৰু জ্যোতিষশাস্ত্ৰত এনে কেইবাটাও উপায় কোৱা হয় সেইসমূহ পালন কৰিলে লক্ষ্মীদেৱীৰ কৃপা বৰ্ষিত হব জীৱনত৷ আৰ্থিক সমস্যা দূৰ কৰাৰ ওপৰিও জীৱনত সুখ, শান্তি আৰু ইতিবাচক শক্তিত ভৰি উঠিব৷ জানি থওক লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কি কি কৰিব?
ঘৰ অপৰিষ্কাৰকৈ ৰাখিলে যেনেকৈ নেতিবাচক শক্তিয়ে বিৰাজ কৰে তেনেকৈ কুপিতা হয় ধনসম্পদৰ দেৱীও৷ ঘৰ অপৰিচ্ছন্ন কৰি ৰাখিলে অৰ্থৰ অভাৱ ঘটে জীৱনত প্ৰতিদিনে ঘৰ পৰিষ্কাৰ কৰি ৰাখিলে ইতিবাচক শক্তিৰ প্ৰভাৱ বাঢ়িব দেশত৷ প্ৰসন্ন হব দেৱী লক্ষ্মী৷ আৰ্থিক অৱস্থা শক্তিশালী হব৷
পৰিষ্কাৰ-পৰিচ্ছন্ন পোছাক পৰিধান কৰিলে স্বাস্থ্য ভালে থাকে৷ শুদ্ধবস্ত্ৰই আত্মবিশ্বাস আৰু ইতিবাচক শক্তি বৃদ্ধি কৰে৷ পোছাকত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু বিশুদ্ধতা বৰ্তাই ৰখাটো গুৰুত্বপূৰ্ণ৷ ইয়াৰ ফলত সংসাৰত সুখ শান্তি বৰ্তি থাকে৷ লেতেৰা পোছাক পিন্ধিলে ঘৰলৈ অলক্ষ্মী আহে৷
প্ৰতিদিনে ভক্তিভাৱে গৃহদেৱতাৰ পূজাৰ্চনা কৰিলে ভাগ্য সুপ্ৰসন্ন হয়৷ প্ৰিয় দেৱ দেৱীৰ পূজা কৰিলে দৈনন্দিন কামত সাফল্য আৰু আৰ্থিক স্থিতিশীলতা বৰ্তি থাকে৷ লক্ষ্মীদেৱীক ঘৰত বান্ধি ৰাখিবলৈ প্ৰতি সোমবাৰে মহাদেৱৰ পূজা কৰিব৷ ইয়াৰ ফলত সংসাৰত সম্পদ আৰু সমৃদ্ধি বৃদ্ধি পায়৷ এই দিনটোত শিৱলিংগৰ মূৰত পানী আৰু কেঁচা গাখীৰ ঢালিলে ভাল ফল পোৱা যায়৷ শিৱৰ মূৰত পানী ঢালিলেহে আৰতি সম্পন্ন হয়৷ দেদাদিদেৱৰ পূজা কৰাৰ সময়ত মনোকামনা জনাই ভক্তিভাৱে ‘ওম নমঃ শিবায়’ এই মন্ত্ৰ জপ কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















