অসম লাইভ২৪ঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ দিশে থকা বনাঞ্চলত বিচৰণ কৰে বিভিন্ন বন্য জীৱ-জন্তুৱে৷ এই জীৱ-জন্তু চাবলৈ সততে ভিৰ কৰে বহু লোকে। বাহনেৰে যাত্ৰা কৰাৰ সময়ত বহু যাত্ৰীয়ে কাজিৰঙাৰ ৰাজপথত ৰৈ বন্যজন্তুৰ ফটো উঠাবলৈ গৈ অনাধিকাৰ উদ্যানত প্ৰৱেশ কৰাও দেখা যায়।
শেহতীয়াকৈ এই সন্দৰ্ভত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই দিছে কেইবাটাও নীতি-নিৰ্দেশনা৷ উদ্যানখনৰ কাষেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ পথত বন্য জীৱ-জন্তু দৰ্শনৰ বাবে এনিমেল ভিউ’ পইন্ট আছে। য’ত দৰ্শনাৰ্থীয়ে ৰৈ ফটো উঠাৰ লগতে বন্যজন্তু দৰ্শনৰ উপযুক্ত ব্যৱস্থাও আছে। কিন্তু যাত্ৰীসকলে এই ভিউ’ পইণ্টত ৰোৱাৰ বিপৰীতে কাজিৰঙা ৰাষ্ট্ৰীয় ঘাইপথৰ অন্য স্থানত ৰৈ যাতে নিয়ম ভংগ নকৰে তাৰ বাবে সতৰ্ক কৰি দিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই।
আনহাতে, ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কাজিৰঙাৰ বন্যপ্ৰাণী দৰ্শন কৰাৰ সময়ত বহুলোক অৰ্তকিতে উদ্যানৰ ভিতৰত প্ৰৱেশো কৰে৷ যাৰ ফলত সংঘটিত হ’ব পাৰে যিকোনো অনাকাংক্ষিত ঘটনা। বুঢ়াপাহাৰ বনাঞ্চল এলেকাত ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে বিচৰণ কৰে গঁড়-হাতীকে ধৰি অন্য বন্যজন্তুৱে। এই ক্ষেত্ৰত দৰ্শনাৰ্থীক বাধা দিয়াক লৈ বনকৰ্মীৰ লগত দৰ্শনাৰ্থীৰ খণ্ড-যুদ্ধও হয় । এনে কাৰ্যৰ পৰা সকলোকে বিৰত থাকিবলৈ আহ্বান জনাইছে উদ্যান কৰ্তৃপক্ষই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ