শিশু আৰু কৈশোৰ কালত সকলো সন্তানকে অভিভাৱকে বুজাই মেলি পঢ়াব লগা হয়৷ আগৰ দিনত খেলা-ধূলাত ব্যস্ত থকাৰ বাবে ল’ৰা-ছোৱালীয়ে কিতাপ পঢ়াবলৈ মন কৰা নাছিল৷ কিন্তু এতিয়া মোবাইলত ব্যস্ত থাকি, বিশেষকৈ মোবাইল গেম, ভিডিঅ’ আদিত ব্যস্ত থাকি পঢ়া শুনাৰ প্ৰতি ধাউতি নিদিয়া হয়৷
তেনে অৱস্থাতা পিতৃ-মাতৃয়ে বিভিন্ন কৌশল অৱলম্বন কৰিবলৈ বাধ্য হৈ পৰে৷ পিতৃ-মাতৃয়ে বিভিন্ন ধৰণৰ কৌশল প্ৰয়োগ কৰি ল’ৰা-ছোৱালীক পঢ়াবলৈ চেষ্টা কৰে৷
কি কি কৌশল বা কথাৰে ল’ৰা-ছোৱালীক পঢ়াব পাৰি আমি তাৰ বিষয়ে পিতৃ-মাতৃ তথা অভিভাৱকৰ উদ্দেশ্যে দুটামান কথা উল্লেখ কৰিব খুজিছো৷
- ল’ৰা-ছোৱালীৰ ক্লাছমেট বা চুবুৰীয়াৰ একেলগে খেলাধূলা কৰাৰ ল’ৰা-ছোৱালীৰ প্ৰসংগ আনি বা তুলনা কৰি তেওঁলোকক পঢ়াব পাৰি৷ বিশেষকৈ ‘অমুকে যোৱাবাৰ পৰীক্ষাত তোমাতকৈ বেছি নম্বৰ পালে’, ‘অমুকে সদায় পঢ়া শুনা কৰে’, ‘তুমি নপঢ়িলে আকৌ অমুকতকৈ কম নম্বৰ পাবা’, ‘কম নম্বৰ পালে তোমাক লাজ দিব’ আদি কথাৰে ল’ৰা-ছোৱালীক পঢ়াৰ মেজলৈ নিব পাৰি৷
- ‘তুমি পঢ়া শুনা কৰাৰ বাবেই সকলোৱে ভাল বুলি কয়’, ‘তুমি যদি পঢ়া শুনা নকৰাৰ তেনে মানুহে তোমাক বেয়া বুলি ক’ব’ আৰু ‘তুমি পঢ়িলে তেওঁলোকক তুমি পঢ়া বুলি ক’ম’ আদি কথাৰেও ল’ৰা-ছোৱালীক পঢ়ুৱাব পাৰি৷
- তেওঁলোকক উৎসাহ যোগাবলৈ বিভিন্ন মহান আৰু সফল লোকৰ উদাহৰণ দিব পাৰি৷ তেওঁলোক যে পঢ়া-শুনা কৰিহে জীৱনত সফল মানুহ হৈছে সেই কথা বুজাব পাৰিব লাগে৷
- জীৱনত প্ৰতিষ্ঠা হ’বলৈ ভালদৰে পঢ়া-শুনা কৰাটো যে জৰুৰী সেই কথাটোকো বুজাব পাৰিব লাগে৷ উদাহৰণসহ বুজালে অতি ভাল৷ ওচৰৰ অথবা আত্মীয় সফল লোকৰ উদাহৰণ দিলে আৰু ভাল৷
- শিক্ষা গ্ৰহণ অৰ্থাৎ পঢ়া-শুনা কৰিলেহে মানুহে জীৱনৰ লক্ষ্যক স্পৰ্শ কৰিব পাৰে৷ জীৱনটো যাপন কৰিবলৈ বা উদযাপন কৰিবলৈ যে শিক্ষা অতি জৰুৰী সেই কথাটো তেওঁলোকক সৰল ভাষাৰে বুজাব পাৰিব লাগে৷
- কষ্ট কৰিলেহে মোক্ষ লাভ হয়৷ সেই কথাটোকো তেওঁলোকক বুজাব পাৰিব লাগিব৷ এতিয়া কৰা কষ্টই পৰৱৰ্তী জীৱনটোক স্বাচ্ছন্দ্য কৰি তোলে বুলিও বুজাব পাৰিব লাগে৷
- অৱশ্যে এইবোৰ কৰোতে পিতৃ-মাতৃয়ে সদায় ল’ৰা-ছোৱালীৰ সৈতে বান্ধুত্বসুলভ আচৰণ কৰিব লাগে৷ খং, ৰাগ, দাবী, ধমকিৰে এনে কৰিলে হিতে বিপৰীতে হোৱাৰো সম্ভাৱনা থাকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ