বোকাখাতত লজ্জিত মানৱ সমাজ! যি মাতৃয়ে জন্ম দি এই ধৰালৈ আনিছিল, সেই সন্তানৰ হাততেই প্ৰাণ হেৰুৱালে মাতৃয়ে
বোকাখাতত কালি ২০ অক্টোবৰৰ নিশা সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। যি ঘটনা পোহৰলৈ অহাৰ পাছতে চাঞ্চল্যই বিৰাজ কৰিছে। জন্মদিয়া সন্তানৰ হাততেই প্ৰাণ হেৰুৱালে এগৰাকী দুৰ্ভগীয়া মাতৃয়ে।
কালি নিশা পাষাণ পুত্ৰই হত্যা কৰাৰ সন্দেহ মাতৃক। বোকাখাত সাপজুৰি বঙালী গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড। পুত্ৰই মাতৃ শেৱালী বৰাক হত্যা কৰা সন্দেহ ।
জন্মদাত্ৰী মাতৃক হত্যা কৰাৰ সন্দেহ মাজুপুত্ৰ চন্দন বৰাৰ ওপৰত। নিশাৰ ভাগত সংঘটিত হৈছে এই ভয়ংকৰ হত্যাকাণ্ড। চুবুৰীয়াই ঘটনা সন্দৰ্ভত জানিব পৰাৰ লগে লগে আৰক্ষীক খবৰ কৰে।
লগে লগে বোকাখাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ হত্যাৰ সন্দেহত মাজু পুত্ৰ চন্দৰ বৰাৰ লগতে আন এগৰাকী পুত্ৰ মামু বৰাকো আটক কৰে।
বোকাখাত আৰক্ষী আৰু দণ্ডাধীশ ঘটনাস্থলিত উপস্থিত হৈ দুই পুত্ৰক আটক কৰাৰ লগতে দুৰ্ভগীয়া মাতৃগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।
এতিয়া তদন্তৰ পাছত হে জানিব পৰা জন্মদাত্ৰীৰ প্ৰকৃত হত্যকাৰী কোন, নে দুয়ো পুত্ৰই মিলি হত্যা কৰিছিল মাতৃ শেৱালী বৰাক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ