মঙলবাৰে নিশাই শ্বিলঙলৈ লৈ অহা হৈছে স্বামী ৰাজা ৰঘুবংশীক হত্যা কৰা অভিযুক্ত সোনম ৰঘুবংশীক৷ গাজিপুৰ আদালতৰ পৰা ট্ৰানজিট ৰিমাণ্ডক লৈ অহাৰ পাছতেই আজি বুধবাৰে সোনমক শ্বিলং আদালতত হাজিৰ কৰোৱা হ’ব৷ মেঘালয় আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি উত্তৰপ্ৰদেশৰ গাজিপুৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিছিল সোনমে৷ ৯মেৰ পুৱাই নন্দগঞ্জ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সোনমক৷ ইয়াৰপাছতেই তেওঁক মেঘালয়লৈ লৈ অহাৰ বাবে ট্ৰানজিট ৰিমাণ্ডৰ আবেদন কৰা হয়৷ সেই আবেদন মঞ্জুৰ হোৱাৰ পাছতেই সোনমক মেঘালয়লৈ লৈ অহা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















