শ্ৰীদেৱীৰ সৈতে ৮ ছেকেণ্ডৰ দৃশ্য কৰি কেৰিয়াৰ ধ্বংস, শেষত দেশ এৰাৰ লগতে সলনি কৰিলে নাম
৮০ ৰ দশকৰ কথা। সেই সময়ত শ্ৰী দেৱী মানেই সফলতাৰ শীখৰ। শ্ৰীদেৱীৰ সৈতে কাম কৰা মানেই যেন ডাঙৰ অভিনেতা। পাছে এগৰাকী এনে অভিনেতা, যিয়ে শ্ৰীদেৱীৰ সৈতে অভিনয় কৰি বৰ্বাদ হৈ পৰে। ইমানেই বৰ্বাদ যে, শেষলৈ বলীউড এৰাৰ লগতে দেশ ত্যাগ কৰি নাম পৰ্যন্ত সলনি কৰি বিদেশত বাস।
সেই অভিনেতাগৰাকীয়ো পাছে এলাপেছা নাছিল। ৮০ ৰ দশকৰ সকলো মনোৰঞ্জন জগতৰ পৰিচিত লোকৰ মুখে মুখে থকা এক জনপ্ৰিয় নাম। যিয়ে মডেলৰ জগতত সেই সময়ত শীৰ্ষত। পুৰুষ মডেল মানেই যেন নাম আছিল সেই যুৱকৰ। সকলোৱেল ভাবিছিল বলিউডত ভৰি দিয়েই লাভ কৰিব ঈৰ্ষনীয় সফলতা।
পাছে সকলো বিপৰীত হৈ পৰে। সেই দুৰ্ভগীয়া অভিনেতাগৰাকী হৈছে ছুপাৰ মডেল দীপক মালহোত্ৰা। যিয়ে ১৯৯১ ৰ ‘লম্হা’ ছবিত শ্ৰীদেৱীৰ স্বামীৰ চৰিত্ৰ ৰূপায়ন কৰিছিল। কিন্তু সেই ছবিখনৰ এটা ৮ ছেকেণ্ডৰ দৃশ্য, যি দৃশ্যত নিদ্ৰাৰত শ্ৰী দেৱীক দীপকে বহু কেইটা নামেৰে মাতি থাকে।
সেই দৃশ্যই সলনি কৰি দিয়ে দীপকৰ সকলো। সেই ছবি কৰি থকাৰ সময়কে দীপকে লাভ কৰে অন্য বহু কেইখন ছবিৰো অফাৰ। স্বাক্ষৰ পৰ্যন্ত কৰে ছবিকেইখনত কাম কৰাৰ বাবে। কিন্তু ভাগ্যই দীপকৰ কঁপালত লিখি থৈছিল অন্যহে। সেই ৮ ছেকেণ্ডৰ ভিডিঅই ইমানেই ট্ৰল কৰে দৰ্শকে যে, মানসিক ভাৱে ভাগি পৰে দীপক।
ছবি পৰিচালক বোৰেও দীপকক লাহে লাহে সকলো চবিৰ পৰা আঁতৰাই দিবলৈ ধৰে। যি কেইখন হাতত থাকে সেই কেইখনৰ পৰাও দীপকে নিজকে আঁতৰাই আনে। অৱশেষত ১৯৯৪ ত সকলো ত্যাগ কৰি বিদেশলৈ উৰা মাৰে দীপক। লগতে সলনি কৰি লয় নিজৰ নাম।
বৰ্তমানে তাহানীৰ সেই সফল মডেল এতিয়া এগৰাকী ব্যৱসায়ী। নিউয়ৰ্কৰ বাসিন্দা দীপকে বিদেশতেই অভিনয়, মডেলৰ কাম কৰাৰ লগতে ব্যৱসায় আৰম্ভ কৰি বৰ্তমানে সফল ব্যৱসায়ী। দীপকৰ পৰা ডিনো মাৰ্টলী হৈ বিদেশী কৰিঅগ্ৰাফাৰ তথা মডেল লুবানা এডমছৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়, লগতে দুটি পুত্ৰ সন্তানৰো পিতৃ হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















