উৰা বাতৰি বিয়পি মন্দিৰৰ ভক্তৰ মাজত হাহাকাৰ, ৭ জনে হেৰুৱালে প্ৰাণ, ২৮ আহত
উৰা বাতৰি বিয়পি পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ পৰে যে, বহু মানুহৰ মাজত হাহাকাৰ লাগি দৌৰা দৌৰি কৰাৰ ফলতে প্ৰাণ হেৰুৱালে ৭ জনকৈ লোকে। ইয়াৰ উপৰি আহত হৈছে ২৮ গৰাকী লোক। এই শোকাৱহ ঘটনা সংঘটিত হৈছে হৰিদ্বাৰৰ মানসা দেৱী মন্দিৰত।
ঘটনাস্থলীত আৱদ্ধ হৈ থকা অন্য লোকসকলক উদ্ধাৰৰ কাম দ্ৰুতগতিত চলি আছে। বৰ্তমান আৰক্ষীয়ে আহতসকলক সেই স্থানৰ পৰা উদ্ধাৰ কৰি নিৰাপদে চিকিৎসালয়লৈ নিয়াত ব্যস্ত হৈ পৰিছে।
ঘটনা সন্দৰ্ভত গড়হোৱালৰ সংমণ্ডল আয়ুক্তই জনোৱা মতে, হৰিদ্বাৰৰ মানসা দেৱী মন্দিৰত আজি দেওবাৰে বিপুল সংখ্যক ভক্তৰ আগমণ হৈছিল। সেই ভক্ত সকলৰ আগমণৰ সময়তে হঠাতে এক উৰা বাতৰি বিয়পি পৰে যে, মন্দিৰৰ চিৰিত বিদ্যুৎ প্ৰবাহ হৈছে।
এই খবৰ শুনাৰ লগে লগে ভক্ত সকলৰ মাজত হাহাকাৰ লাগি দৌৰা দৌৰি লাগি যায়। যাৰ ফলতেই অকালতে প্ৰাণ হেৰুৱাই ৭ গৰাকী লোকে। ইয়াৰ উপৰি কম বেছি পৰিমানে আন ২৮ গৰাকী লোক আহত হৈছে। কিন্তু মন্দিৰ পৰিচালনাই এই উৰা বাতৰি নস্যাৎ কৰি কয় যে, এয়া সম্পূৰ্ণ উৰা বাতৰি। মন্দিৰৰ চিৰিত তেনে কোনোধৰণৰ বিদ্যুৎ প্ৰবাহ হোৱা নাছিল।
উল্লেখ্য যে, আজি দেওবাৰ হোৱাৰ বাবে মন্দিৰত ভক্তৰ ভিৰ স্বাভাৱিক দিনতকৈ অধিক আছিল। পুৱাৰে পৰা ভক্তসকলে মাতাৰ দৰ্শনৰ বাবে দীঘলীয়া শাৰী পাতি থিয় হৈ আছিল। তেনে সময়তে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















