গীততেই আছে, ‘জোনৰ দেশত সাজিম ঘৰ এখনি, তৰায়ে জ্বলাব চাকি…।’ আকাশলৈ চালেই তৰাৰ জিলমিল পোহৰে মনো উজ্বলাই। কিন্তু কল্পনা কৰকচোন, আপুনি আকাশলৈ মূৰ তুলি চাওতে দুৰ-দুৰণিলৈকে দেখিছে কেৱল আন্ধাৰ আৰু আন্ধাৰ। ঠিকেই এনে দিনো আহি আছে। আপুনি নিশাৰ আকাশত আৰু তৰাৰ জিলিকনি নেদেখিব। চন্দ্ৰৰ পোহৰৰ বাদে চৌদিশে থাকিব কেৱল অন্ধকাৰ।
২০১৬ চনত প্ৰকাশিত এটা ৰিপৰ্টৰ মতে, মিল্কি ৱে তথা ছায়াপথ আৰু দৃশ্যমান নহয় পৃথিৱীৰ এক তৃতীয়াংশ মানুহৰেই চকুত। ইয়াৰ বাবে দায়ী পোহৰৰ দূষণ। পৰবৰ্তী কেইবাবছৰ ধৰি মানুহ সচেতন নহ’লে এই দিন সোনকালেই আহিব বুলি সঁকীয়াই দিছিল বিজ্ঞানীমহলে। পদাৰ্থবিজ্ঞানী ক্ৰিষ্টোফাৰ কাইবা নামৰ গৱেষকে জনোৱামতে পোহৰৰ দূষণেই বিপদ মাতিছে পৃথিৱীলৈ। পদাৰ্থবিজ্ঞানী ক্ৰিষ্টোফাৰ কাইবাই কয়, ‘যিমানেই দূষণ বাঢ়িছে, সিমানেই উজ্জ্বল হৈ উঠিছে নিশাৰ পৃথিৱী।’
গৱেষক কাইবাই লগতে কয়, ‘লাইট-এমিটিং ডায়োডছ’ তথা এল ই ডি পোহৰ প্ৰকাশৰ অন্যান্য ৰূপৰ কাৰণে নিশাৰ আকাশ ক্ৰমে উজ্জ্বল হৈ উঠিছে। অতিৰিক্ত পোহৰ, বিজ্ঞাপনৰ পোহৰ, ফিল্ড পোহৰাবলৈ দিয়া এল ই ডিয়ে আমাপ চকুৰ পৰা মুছি দিছে দৃশ্যমানতা। নিশাৰ আকাশ আমাৰ পৰিবেশৰহে অংশ। আমাৰ আহিবলগা প্ৰজন্মই যদি ৰাতিৰ আকাশ নেদেখে তেন্তে তেওঁলোকৰ প্ৰতি আমিয়েই এই অন্যায় কৰাটো বুজাব। আমিয়েই আহিবলগা প্ৰজন্মক বঞ্চনা কৰিছো।’
গৱেষণাত ধৰা পৰিছে যে প্ৰতি বছৰে ১০ শতাংশকৈ বাঢ়িছে ৰাতিৰ আকাশৰ উজ্জ্বলতা। আজিৰ সময়ত যিসকল শিশু জন্মিছে তেওঁলোকে নিশাৰ আকাশত খুব বেছি ২৫০টা তৰাহে দেখা পায়। সেই শিশুটোৰ ১৮ বছৰ হোৱালৈকে যি মাত্ৰ ১০০টা তৰাহে আকাশত দেখিব। পৰিস্থিতি দিনক দিনে সলনি হৈ গৈ আছে। বাঢ়িছে প্ৰদুষণো। এই প্ৰদুষণ কমোৱাৰ একমাত্ৰ বিকল্প পথ হৈছে আৰ্টিফিচিয়েল পোহৰৰ উজ্জ্বলতা কমোৱা। বগা ৰঙৰ পোহৰৰ ব্যৱহাৰ কমোবা। এল ই ডিৰ নীলা বা বগা পোহৰে যেনেকৈ শৰীৰৰ ক্ষতি কৰে তেনেকৈয়ে ৰক্ত শৰ্কৰাৰ মাত্ৰাতো সমস্যা আনে। ইয়াৰোপৰি মেলোটোনিনৰ উৎপাদনো বঢ়ায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ