কুম্ভমেলাৰ ওপৰত ৫০ বছৰ পূৰ্বে ষ্টীভ জবছে লিখা এখন চিঠি কেইবা কোটি টকাত নিলাম
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আয়োজিত মহা কুম্ভ ২০২৫ত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আহিছে এপলৰ সহ-প্ৰতিষ্ঠাপক ষ্টিভ জবছৰ পত্নী লৰেন পাৱেল জবছ। ইফালে ১৯৭৪ চনত ষ্টিভ জবছে কুম্ভ সন্দৰ্ভত লিখা এখন চিঠি আলোচনাৰ বিষয় হৈ পৰিছে।
এই পত্ৰত জবছে কুম্ভ মেলাৰ প্ৰতি আগ্ৰহ আৰু ভাৰত ভ্ৰমণৰ ইচ্ছা প্ৰকাশ কৰিছিল। শেহতীয়াকৈ ইয়াক বনহামছে ৫,০০,৩১২ মাৰ্কিন ডলাৰত নিলাম হৈছে। যি ভাৰতীয় হিচাপত প্ৰায় ৪.৩২ কোটি টকাত নিলাম হৈছে।
জবছে এই চিঠিখন তেওঁৰ শৈশৱৰ বন্ধু টিম ব্ৰাউনলৈ লিখিছিল ১৯৭৮ৰ ২৩ ফেব্ৰুৱাৰীত, যেতিয়া তেওঁৰ বয়স আছিল ১৯ বছৰ। এই চিঠিখন পোহৰলৈ অহাৰ পাছত ষ্টিভ জবছৰ পত্নী পাৱেলে স্বামীৰ ইচ্ছা পূৰণৰ বাবে মহাকুম্ভলৈ আহিছে বুলি কথা ওলাইছে।
ষ্টিভ জবছে চিঠিখনত লিখিছে, “মই এতিয়া লছ গেটছ আৰু চান্টা ক্ৰুজৰ মাজৰ পাহাৰৰ এখন ফাৰ্মত বাস কৰি আছো, এপ্ৰিলৰ পৰা আৰম্ভ হোৱা কুম্ভ মেলাৰ বাবে মই ভাৰতলৈ যাব বিচাৰো। “মই মাৰ্চ মাহৰ কোনোবা এটা সময়ত যাম, যদিও এতিয়াও নিশ্চিত নহয়।” চিঠিখনৰ শেষত তেওঁ লিখিছিল “শান্তি, ষ্টিভ জবছ”।
উল্লেখ্য যে, বৰ্তমানে ষ্টিভ জবছৰ পত্নী লৰেন পাৱেলে নিজৰ ৪০ জনীয়া দলৰ সৈতে প্ৰয়াগৰাজত উপস্থিত হৈছে। মহাকুম্ভলৈ অহাৰ লগে লগে তেওঁৰ গুৰু স্বামী কৈলাশানন্দই তেওঁক হিন্দু ধৰ্ম প্ৰদান কৰি ‘কমলা’ নাম দিয়ে। বৰ্তমানে কমলা তথা লৰেন ধ্যান, ক্ৰিয়াযোগ, প্ৰাণায়মৰ দৰে আধ্যাত্মিক অনুশীলনত অংশগ্ৰহণ কৰি আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ