অসম লাইভ২৪ঃ সপ্তম শ্ৰেণীত পঢ়ি থকাৰ পৰাই মন স্থিৰ কৰিছিল UPSC পৰীক্ষা দিব। পৰবৰ্তীসময়ত সেইমতেই পঢ়াশুনাও চলাই গৈছিল। ১০ বছৰ ধৰি কৰা কঠোৰ অধ্যবসায়ৰ বলতেই এই সাফল্য। প্রথমবাৰ ব্যৰ্থ হ’লেও দ্বিতীয়বাৰত উত্তীৰ্ণ হয় UPSC পৰীক্ষা। মাত্ৰ ২৩ বছৰ বয়সতেই দেশৰ ভিতৰত ৯ নম্বৰ ৰেংক লাভ কৰিছে কণিকা গয়ালে।
ভাৰততেই নহয়, বিশ্বৰ কঠিন পৰীক্ষাসমূহৰ ভিতৰত এটা হৈছে UPSC। UPSCত উত্তীৰ্ণ হ’লেহে IAS, IPSৰ দৰে গুৰুত্বপূৰ্ণ চৰকাৰী আমোলা হ’ব পাৰিব। প্ৰতি বছৰেই অসংখ্য প্ৰাৰ্থীয়ে UPSC পৰীক্ষা দিয়ে। কিন্তু দেশৰ ভিতৰতেই UPSCত ১০০০তকৈয়ো কম আসন আছে। সেই পৰীক্ষাত দ্বিতীয়বাৰতেই বাজিমাৎ কৰি দিলে কণিকা গয়ালে। দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাতো ভাল ফলাফল দেখোৱাইছিল কণিকাই। ইয়াৰপাছতেই ৰাজনীতিবিজ্ঞানত অনাৰ্ছ লৈ দিল্লী বিশ্ববিদ্যালয়ৰ লেডী শ্ৰী ৰাম কলেজৰ পৰা স্নাতক উত্তীৰ্ণ হয় কণিকা।
লেডী শ্ৰী ৰাম কলেজত পঢ়ি থাকোতেই স্নাতকৰ তৃতীয় বৰ্ষৰ পৰা তেও চিভিল চাৰ্ভিছৰ পৰীক্ষাৰ প্ৰস্তুতি আৰম্ভ কৰিছিল। কণিকাৰ পিতৃ এজন সাধাৰণ দোকানী। দোকানখনৰ পৰা হোৱা উপাৰ্জনেৰেই কণিকাহঁতৰ ঘৰখন চলে। চিভিল চাৰ্ভিছ পৰীক্ষাৰ প্ৰস্তুতি চলাই থাকোতেই পৰিয়ালৰ লোকসকলক কাষতে পাইছিল কণিকাই। সপ্তম শ্ৰেণীত পঢ়ি থাকোতেই UPSCৰ বাবে প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰিছিল কণিকাই। বিগত ১০ বছৰ ধৰি প্ৰস্তুতি চলাই থকাৰ সময়ত কণিকাক আত্মবিশ্বাস যোগাইছিল তেওঁৰ পিতৃ-মাতৃয়ে।
কণিকাই জনোৱা অনুসৰি খোৱা, শুৱাৰ বাহিৰে প্ৰায় সকলো সময়তেই তেওঁ পঢ়া শুনাৰ সৈতে ব্যস্ত থাকে। অৰ্থাৎ পঢ়াশুনা আৰু বিশ্ৰামৰ মাজতেই ভাৰসাম্য ৰক্ষা কৰি চলিছিল কণিকাই। দিনত অন্তত ১০ ঘণ্টা তেওঁ পঢ়াশুনাতেই দিছিল। পাঠ্যপুথিৰ বাহিৰেও কাৰেণ্ট এফেয়াৰ্ছ, সাধাৰণ জ্ঞানক লৈ নিয়মিত চৰ্চা কৰে। লিখিত পৰীক্ষাৰ ওপৰিও ইণ্টাৰভিউৰ বাবেও প্ৰস্তুতি চলাইছিল কণিকাই।
২০২২ চনত প্ৰথমবাৰ চিভিল ছাৰ্ভিছ পৰীক্ষা দিছিল কণিকাই। প্রথমবাৰ কেৱল প্ৰিলিমছ পৰীক্ষা দিছিল কণিকাই। সেই পৰীক্ষাত পাছো কৰিছিল কণিকাই। কিন্তু মনৰ জোৰত ভাগৰি নপৰি প্ৰস্তুতি অব্যাহত ৰাখে কণিকাই। সেই নিৰৱচ্ছিন্ন চেষ্টাৰ ফলতেই দ্বিতীয়বাৰ পৰীক্ষা দিয়েই সফলতা পায় কণিকাই। বিগত ২৩ মে’ত ছিভিল চাৰ্ভিছ ২০২২ৰ ৰিজাল্ট প্ৰকাশ কৰিছে UPSCয়ে। সেই পৰীক্ষাতেই নৱম ৰেংক লাভ কৰিছে হাৰিয়ানাৰ কৈথাল মডেল টাউনৰ বাসিন্দা কণিকা গয়ালে। যদিও পৰীক্ষা ভাল হৈছে ইমান ভাল ৰেংকৰ আশা কৰা নাছিল কণিকাই। সেয়ে ৰিজাল্ট চোৱাৰ পাছত নিজৰ চকুৰেই সেই কথা বিশ্বাস কৰা নাছিল কণিকাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ