অসম লাইভ২৪ঃ কাবুলত ভয়াৱহ আত্মঘাতী বোমা বিস্ফোৰণ৷ বিস্ফোৰণত ১০০ ৰো অধিক লোকৰ মৃত্যু৷ আহত হৈছে কেইবা শ লোক৷ নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা৷
শুকুৰবাৰে স্থানীয় সময় অনুযায়ী পুৱা প্ৰায় ৭ বাজি ৩০ মিনিটত এই বিস্ফোৰণ৷ পশ্চিম কাবুলত ৱৰ্ক এডুকেশ্বন চেণ্টাৰত এই বিস্ফোৰণ৷ বিশ্ববিদ্যালয় খনত প্ৰবেশ পৰীক্ষা চলি থকাৰ মাজতেই এই বিস্ফোৰণ হোৱা বুলি প্ৰকাশ৷
উল্লেখ্য যে বৰ্তমানলৈ কোনো সংগঠনে আত্মঘাতী বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই। ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে একাধিক সেনা নিয়োগ কৰা হৈছে এই এলেকাটোত৷ শেহতীয়াকৈ কাবুলত কেইবাটাও এনে আক্ৰমণৰ ঘটনা সংঘটিত হৈছে৷ কাবুলৰ এই অঞ্চলটোত মুখ্যতঃ সংখ্যালঘুসকলে বাস কৰে। একাংশৰ মতে এই সংখ্যালঘু লোকৰ বসতিস্থল হোৱা হেতুকে এই অঞ্চলত বাৰে বাৰে এনে আক্ৰমণৰ ঘটনা সংঘটিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















