অসম লাইভ২৪ঃ ‘মই ক্ৰিকেট বেছি নাচাওঁ, ফুটবলহে বেছি চাওঁ, অসমত হৈছে যেতিয়া চাব পাৰি৷’ বৰ্ষাপাৰাত ২ অক্টোৱৰৰ টি-২০ মেচখন চোৱাৰ সম্পৰ্কত মত প্ৰকাশ কৰিছে হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে৷ ফুটবল চাবৰ বাবেই বিদেশলৈ ঢপলিয়াই যোৱা কণ্ঠশিল্পীগৰাকীয়ে ক্ৰিকেট চাবলৈ আগ্ৰহী হয়নে সেই সম্পৰ্কে সাংবাদিকেৰে হোৱা মত বিনিময়ত জুবিন গাৰ্গে উল্লেখ কৰিছে এই কথা৷
ক্ৰিকেটতকৈ ফুটবল খেলি বা চাই ভালপায় বুলি উল্লেখ কৰি জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে কয় যে অসমত খেল চলিছে যেতিয়া এবাৰ চাব লাগিব৷ বতৰ বেয়া বাবে কিছু খেলিমেলি হ’ব পাৰে৷ অৱশ্যে খেল ভাল হ’ব৷ ভাৰতীয় টিমে ভাল খেলিব বুলি আশাবাদী হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ৷
উল্লেখ্য যে পূজাৰ সময়খিনিত কি পৰিকল্পনা কৰিছে জুবিন গাৰ্গে এই সন্দৰ্ভতো মন্তব্য কৰি কয় যে,‘পূজাত এইবাৰ ষ্টুডিঅ’তেই থকা হ’ব৷ ৪খনকৈ নতুন ছবিৰ কাম চলি আছে৷ ছবিকেইখনৰ কাম কেতিয়া শেষ হ’ব যেন লাগিছে৷’ ইফালে হাৰ্টথ্ৰ’বগৰাকীৰ নিজৰো এখন ছবিয়ে মুক্তিলাভ কৰিব৷ ‘ৰৈ ৰৈ বিনালে’ নামৰ নতুন এখন ছবি অসমবাসীক উপহাৰ দিব হাৰ্টথ্ৰ’বে৷ ছবিখনত এগৰাকী অন্ধ ব্যক্তিৰ চৰিত্ৰত অভিনয় কৰা বুলিও জনাইছে কণ্ঠশিল্পীগৰাকীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ