বিশাল, চুমি, তাৰ্কিক তিনিও একেলগে লকআপত৷
আৰক্ষীৰ জিম্মাত আকৌ এটা নিশা কটালে বিশাল, চুমি আৰু তাৰ্কিকে৷
বৰবৰুৱা আৰক্ষী থানাত বৰ্তমানো আছে চুমি, তাৰ্কিক৷
দুদিনৰ বাবে আৰক্ষীয়ে জিম্মাত লৈছে দুয়োকে৷
ট্ৰেডিঙৰ নামত কোটি কোটি ধনৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগ আছে চুমি, তাৰ্কিকৰ বিৰুদ্ধেও৷
দুয়োকে পূৰ্বেও ৫দিনৰ আৰক্ষীৰ জিম্মাত লৈ মুখ খুলিব পৰা নাছিল আৰক্ষীয়ে৷
তাৰপিছতেই দুয়োকে জে’ললৈ প্ৰেৰণ কৰিছিল আদালতে৷
এইবাৰ আকৌ অধিক তথ্যৰ বাবে দুদিনৰ জিম্মাত লৈছে আৰক্ষীয়ে৷
সাধাৰণ মানুহক ট্ৰেডিঙৰ নামত আভুৱা ভাৰিছিল চুমীৰ পাতি লোৱা ভায়েক বিশালে৷
বিশালৰ সৈতে প্ৰত্যক্ষভাৱে এই কামত জড়িত হৈ আছিল চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিকো৷
প্ৰৱঞ্চনাৰ ধনেৰে কটাইছিল দুয়োৱে বিলাসী জীৱন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ