বিশালৰ সৈতে কি সম্পৰ্ক আছে? সকলোবোৰক লৈ মুখ খুলিলে চুমি বৰাই৷
আত্মসমৰ্পণ কৰাৰ পাছতেই মুখ খুলিছে চুমি বৰাই৷
‘বিশালৰ সৈতে মোৰ ঘৰুৱা সম্পৰ্ক, সি মোৰ ভাইটী, মই তাৰ পাতি লোৱা বায়েক৷’
‘তাৰ্কিকৰ সৈতেও তাৰ সম্পৰ্ক ভাল, আমাৰ তিনিওৰে সম্পৰ্ক ৩-৪ বছৰ পুৰণি৷’
‘বিশালক মই প্ৰথম গায়ক হিচাপে লগ পাইছিলো, চিনাকি হৈছিলো৷’
‘বিশালে ভাল গান গায়, মই তাৰ গীতত কাম কৰিছো৷’
‘বিশালে ট্ৰেডিং কৰাৰ কথা মই জানো, কিন্তু তাৰ ব্যৱসায় সম্পৰ্কে মই নাজানো৷’
‘বিশালৰ ব্যৱসায়ৰ সৈতে মই কোনো প্ৰকাৰে জড়িত নহয়, মই মোৰ কামত থাকো৷’
‘সি ডিব্ৰুগড়ত থাকে আৰু মই থাকো গুৱাহাটীত৷’
‘ভাইটী সম্পৰ্কক বদনামী নকৰিব৷ বিশাল আৰু মোৰ পৰিয়ালৰো খুব ভাল সম্পৰ্ক৷’
‘বিশালে ভাইটী হিচাপে মোৰ আৰু তাৰ্কিকৰ বিয়াখন ডাঙৰকৈ পাতিব খুজিছিল৷’
‘বিশাল সৰু লৰা নহয়, মই মানুহৰ বাবে কাম কৰো, মানুহে গালি দিয়া কাম নকৰো৷’
‘মিডিয়াই মোৰ ভাল কাহানিও নাই দেখুওৱা, অকল এইবোৰহে দেখুৱাইছে৷’
‘ডিব্ৰুগড়ত মোৰ ইমান অনুষ্ঠান গৈছে কাহানিও মিডিয়াই মোৰ বাইট নলয়৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ