অসম লাইভ২৪ঃ ফেব্ৰুৱাৰী মাহত তৈয়াৰ হৈছে বুধাদিত্য যোগ। সূৰ্য আৰু বুধৰ যুঁটিৰ ফলত ১ বছৰৰ পাছত কুম্ভ ৰাশিৰ এই ৰাজযোগ তৈয়াৰ হৈছে। ১৩ফেব্ৰুৱাৰীত এই ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই। ইয়াৰ ঠিক ৭ দিন পাছতেই অৰ্থাৎ ২০ ফেব্ৰুৱাৰীত বুধে কুম্ভ ৰাশিত গোচৰ কৰিব। এই দুই গ্ৰহৰ যুঁটিৰ ফলত তৈয়াৰ হৈছে বুধাদিত্য যোগ। এই যোগ একাধিক ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ। তিনি ৰাশিৰ জাতক এই যোগত বিশেষভাৱে লাভৱান হ’ব।
মিথুন ৰাশি
জ্যোতিষ অনুসৰি বুধাদিত্য ৰাজযোগ মিথুন ৰাশিৰ জাতকৰ বাবে শুভ প্ৰমাণিত হ’ব। আপোনাৰ গোচৰকোষ্ঠীৰ নৱম স্থানত এই যুঁটি তৈয়াৰ হৈছে। এই সময়ত ভাগ্যৰ সংগ পাব মিথুন ৰাশিৰ জাতকে। কাম বা ব্যৱসায়ৰ বাবে যাত্ৰা কৰিব পাৰে। কোনো শুভ অনুষ্ঠান বা ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। ব্যৱসায়ত লাভ অৰ্জনৰ সুযোগ আছে। আত্মবিশ্ব্যস বাঢ়িব। পৰিয়ালৰ সমস্ত সদস্যৰ সৈতে সম্পৰ্ক উন্নত হ’ব। ঘৰত সুখ শান্তি বৰ্তি থাকিব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সময় শুভ। কোনো পৰীক্ষাত ভাল ফলাফল লাভ কৰিব।
সিংহ ৰাশি
এই দুই গ্ৰহৰ যুঁটি সিংহ ৰাশিৰ জাতকৰ বাবে লাভজনক খবৰ আনিব। আপোনাৰ ৰাশিৰ সপ্তম স্থানত এই সংযোগ তৈয়াৰ হৈছে। জীৱনসংগীৰ উন্নতি হ’ব পাৰে। এই ৰাশিৰ বিবাহিতসকলৰ দাম্পত্য জীৱন অসাধাৰণ হ’ব। এই সময়ত আপোনাৰ সাহস আৰু পৰাক্ৰম বৃদ্ধি পাব। আৰ্থিক পৰিকল্পনাত সফল হ’ব। এই যুঁটিক শুভ প্ৰভাৱত কেৰিয়াৰত নতুন অভিজ্ঞতা অৰ্জন কৰিব পাৰে এই ৰাশিৰ জাতকে। অংশীদাৰীৰ কামত অসাধাৰণ সাফল্য লাভ কৰিব পাৰিব। লাভৱ প্ৰৱল সম্ভাৱনা আছে।
কুম্ভ ৰাশি
সূৰ্য আৰু বুধৰ যুঁটিৰ ফলত এই ৰাশিৰ জাতকৰ হাতলৈ ধন আহিব। কাৰণ ১বছৰ পাছত এই ৰাশিত সূৰ্য আৰু বুধৰ যুঁটি তৈয়াৰ হৈছে। এই সময়ত কুম্ভ ৰাশিৰ জাতকৰ মান-সন্মান আৰু প্ৰতিষ্ঠা লাভ কৰিব। নতুন ব্যক্তিৰ সৈতে সম্পৰ্ক তৈয়াৰ হ’ব পাৰে। ইয়াৰ ফলত ভৱিষ্যতে লাভ হ’ব। এই ৰাশিৰ চাকৰিয়াল জাতকসকলে শুভ পৰিণাম লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বৃদ্ধি পাব। বুধাদিত্য ৰাজযোগৰ প্ৰভাৱত কেৰিয়াৰত উন্নতিৰ যোগ আছে। বিবাহিত জাতকৰ জীৱন সুখকৰ হ’ব। এই ৰাশিৰ অবিবাবিত জাতকৰ বিবাহৰ যোগ আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ