সূৰ্যক জ্যোতিষশাস্ত্ৰত সকলো গ্ৰহৰ ৰজা বুলি কোৱা হয়৷ প্ৰতিমাহে সূৰ্যই তাৰ ৰাশি সলনি কৰাৰ ওপৰিও নক্ষত্ৰও পৰিবৰ্তন কৰে৷ এই পৰিবৰ্তন জ্যোতিষশাস্ত্ৰ অনুসৰি অত্যন্ত তাৎপৰ্যপূৰ্ণ৷ কাৰণ ই প্ৰত্যেক ৰাশিৰ জাতকক কোনোবা নহয় কোনোবা ধৰণে প্ৰভাৱিত কৰে৷ দৃক পঞ্চাঙ্গ অনুসৰি সূৰ্যই আগন্তুক ১৯ নৱেম্বৰত অনুৰাধা নক্ষত্ৰত প্ৰৱেশ কৰিব আৰু তাতেই ২ ডিচেম্বৰ পৰ্যন্ত থাকিব৷
বৰ্তমান সূৰ্য আছে বিশাখা নক্ষত্ৰত৷ অনুৰাধা নক্ষত্ৰৰ অধিপতি হিচাপে শনিদেৱক কোৱা হয়৷ সূৰ্যৰ এই নক্ষত্ৰ পৰিবৰ্তন বিশেষকৈ কেইটামান ৰাশিৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব৷ জানি থওক কোন কোন ৰাশি লাভৱান হ’ব?
মিথুন ৰাশি
সূৰ্যৰ এই পৰিবৰ্তনে মিথুন ৰাশিৰ জাতকৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাব৷ ব্যৱসায়ত মুনাফা বাঢ়িব, আনকি নতুন ব্যৱসায় আৰম্ভ কৰাৰ সম্ভাৱনাও তৈয়াৰ হব৷ চাকৰিয়ালৰ পদোন্নতিৰ সুযোগ আহিব পাৰে৷ ফলত আয়ো বৃদ্ধি পাব৷ পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ থাকিব, আৰ্থিক স্থিতি আৰু মজবুত হব৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকৰ বাবে এয়া আশীৰ্বাদৰ সময়৷ পৰিয়াললৈ সুখবৰ আহিব পাৰে৷ বিশেষকৈ সন্তান বা নতুন কোনো প্ৰকল্প সম্পৰ্কিত৷ আয় বৃদ্ধি পাব৷ গৃহস্থালিৰ অৰ্থনৈতিক অৱস্থা উন্নত হব৷ কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনাও প্ৰৱল৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ বাবে সূৰ্যৰ এই গতি পৰিবৰ্তন অত্যন্ত ফলপ্ৰসূ হব৷ যিসকলে নতুন চাকৰিৰ অপেক্ষাত আছে তেওঁলোকে সু সংবাদ পাব পাৰে৷ পাৰিবাৰিক সম্পৰ্কত আনন্দৰ পৰিবেশ থাকিব৷ নতুন কোনো সম্পৰ্ক বা যোগাযোগ লাভজনক প্ৰমাণিত হব পাৰে৷ এই সময়ত মানসিক ইতিবাচকতা আৰু আত্মবিশ্বাসো বাঢ়িব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















