পানমছলা, গুটকা, মদৰ বিজ্ঞাপন কৰিলে মোটা অংকৰ পাৰিশ্ৰমকি পালেও প্ৰায়েই কটাক্ষৰ চিকাৰ হয় একাধিক তাৰকা৷ এই তালিকাত শ্বাহৰুখ খান, অজয় দেৱগন, অক্ষয় কুমাৰৰ দৰে বহুতৰে নাম আছে৷ সম্প্ৰতি এই প্ৰসংগত মুখ খুলিছে সুনীল চেট্টীয়ে৷ ৪০ কোটি টকা পাৰিশ্ৰমিকৰ বিনিময়ত গুটখাৰ বিজ্ঞাপনত কাম কৰাৰ প্ৰস্তাবো পাইছিল৷ সেই প্ৰস্তাব গ্ৰহণ নকৰিলে অভিনেতাজনে৷
সম্প্ৰতি এক সাক্ষাৎকাৰত সুনীল চেট্টীয়ে জনাইছে যে, তেওঁ মোটা অৰ্থ দিলেও তেনে প্ৰচাৰ নচলায়৷ অভিনেতাজনে কয়, ‘মোৰ বাবে স্বাস্থ্য সকলোতকৈ আগত৷ এই শৰীৰৰ বাবেই মই চিনেমাৰ দুনীয়াত সুনীল ছেট্টি হোৱাৰ সুযোগ পাইছো৷ মোৰ শৰীৰক মই পূজাৰ যোগ্য বুলি নামানিলে নিজৰ প্ৰতিয়েই অবিচাৰ কৰা হব৷ ল’ৰা ছোৱালীক মই কি শিক্ষা দিম?
তাতেই তেওঁ জনাইছে যে তেওঁলৈকো গুটখাৰ বিজ্ঞাপনৰ প্ৰস্তাৱ আহিছিল৷ সুনীলে কয়, ‘এটা গুটখাৰ বিজ্ঞাপনৰ বাবেই ৪০ কোটি টকাৰ প্ৰস্তাব দিয়া হৈছিল৷ তেওঁলোকক তেতিয়া কৈছিলো মোক ধনৰ প্ৰয়োজন আছে কিন্তু এনেকুৱাকৈ ধন অৰ্জন কৰিবলৈ মন নাই৷ এনে কাম নকৰো য’ত নিজৰ ওপৰতে মোৰ বিশ্বাস হেৰাই৷ আহান আৰু আথিয়াৰ সন্মানত মই কালিমা সানিব নোৱাৰো৷ তাৰপিছৰে পৰা কোনোৱো মোক আৰু এনে প্ৰস্তাব দিবলৈ সাহস কৰা নাই৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















