অসম লাইভ ২৪ঃ তিহাৰ জে’লত বন্দী হৈ থকা দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দৰ জৈনক মালিছ দি থকাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। তাৰ মাজতেই জে’লত নিয়ম ভঙাৰ ঘটনাক লৈ মুখ খুলিছে তিহাৰ জে’লৰ প্ৰাক্তন মুখপাত্ৰ সুনীল গুপ্তই।
১৯৮১ চনৰ পৰা ২০১৬ চনলৈ তিহাৰ জেলৰ আইনকৰ্তা তথা মুখপাত্ৰৰ দায়িত্বত আছিল সুনীল। সুনীলে সামাজিক মাধ্যমত ভাইৰেল হোৱা দিল্লীৰ স্বাস্থ্যমন্ত্ৰীৰ ভিডিঅ’টো দেখিয়েই কৰিছে কেইটামান বিস্ফোৰক মন্তব্য। তেওঁ দাবী কৰা অনুযায়ী, ‘জে’লৰ ভিতৰত প্ৰভাৱশালী কাৰাবন্দী সকলক সকলোধৰণৰ সা-সুবিধা দিয়া হয় বুলি সকলোৱেই জ্ঞাত। কিন্তু যৌনতাৰ বিষয়টোক লৈ কিছু সন্দেহ আছিল যদিও মই মোৰ কাৰ্যকালত প্ৰত্যক্ষ কৰা কেইটিমান বিষয়হে উত্থাপন কৰিব বিচাৰিছো। কাৰাগাৰত প্রভাৱশালী বন্দীসকলৰ যৌন চাহিদাও পুৰ কৰা হয়। এই যৌন চাহিদা পুৰণ কৰিবলৈ সাধাৰণ কয়দীক বাধ্য কৰোৱা হয়। কেতিয়াবা কিছু কয়দীয়ে নিজ ইচ্ছাৰেই প্ৰভাৱশালী কয়দীৰ যৌন চাহিদা পুৰণ কৰে সেয়া দুই কয়দীৰ ব্যক্তিগত মত। কিন্তু বাধ্য কৰোৱাটোক লৈ মোৰ মত বিৰোধ আছিল। মই বহুৱাৰ জে’ল কৰ্তৃপক্ষৰ বিৰুদ্ধে আদালতত অভিযোগ নামাও দাখিল কৰিছিলো। মোৰ অভিযোগৰ ভিত্তিতেই কিছু অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থাও লোৱা হৈছিল।’
ইপিনে তিহাৰ জে’লৰ ভাইৰেল ভিডিঅ’টোত দিল্লীৰ স্বাস্থ্যমন্ত্ৰীৰ পিঠিত মালিছ দি থকা পৰিলক্ষিত হৈছে। দুৰ্নীতিত অভিযুক্ত আপৰ নেতাগৰাকীক কাৰাগাৰৰ ভিতৰত ভিআইপি ট্ৰিটমেণ্ট দিয়াৰ ভিডিঅ’ দেখা মাত্ৰকেই একাংশ বিজেপি কৰ্মীয়ে সামাজিক মাধ্যমত প্ৰতিবাদো কৰিছে। কিন্তু এই ভিডিঅ’টোক লৈ আপ নো তথা দিল্লীৰ শিক্ষামন্ত্ৰী মনিষ চিছোডিয়াৰ মত, ‘কঁকাল আৰু মেৰুদণ্ডৰ সমস্যা থকাৰ বাবেই ফিজিঅথেৰাপিষ্টে এই মালিছৰ পৰামৰ্শ দিছে।’
উল্লেখ্য যে, তিহাৰ জে’লৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে যিগৰাকী ব্যক্তিয়ে স্বাস্থ্যমন্ত্ৰী তথা তিহাৰ জে’লৰ বৰ্তমান কয়দী সত্যেন্দৰ জৈনক মালিছ দিছে সেই লৰাজনৰ নাম ৰিংকু। কয়দী ৰিংকুৰ বিৰুদ্ধে দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ধৰ্ষণৰ অপৰাধত তিহাৰ জে’লত আবদ্ধ কৰি ৰখা হৈছে। বিষয়টোৰ এতিয়াও বিচাৰ চলি আছে। কিন্তু আইনজীৱী সুনীলে প্ৰকাশ কৰা মতে ‘ অন্য বন্দীৰ পৰা মালিছ লোৱাটো এক অপৰাধ। চিকিৎসকে ফিজিঅ’থেৰাপী দিলে এনেকৈ কাৰাগৰৰ কক্ষতেই নিদিয়ে। অন্য কোঠা নতুবা চিকিৎসালয়লৈ নি এই মালিছ দিয়ে।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ